Byatikram Womens Conclave 2023 : প্ৰথমবাৰ গুৱাহাটীত আয়োজন ব্যতিক্ৰম ৱ’মেন কনক্লেভ ২০২৩ - ব্যতিক্ৰম ৱ’মেন কনক্লেভ ২০২৩
🎬 Watch Now: Feature Video

গুৱাহাটী, ২৯ জুলাই : ব্যতিক্ৰম মাছডোয়ে নাৰীসকলক তেওঁলোকৰ উদোগীকৰণৰ প্ৰচেষ্টাত সবলীকৰণ আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ২৯ জুলাই অৰ্থাৎ আজি গুৱাহাটীত আয়োজন কৰিছে ব্যতিক্ৰম ৱ'মেন কনক্লেভ । উত্তৰ-পূবৰ মহিলা উদ্যোগীসকলক নেটৱৰ্ক, শিক্ষণ আৰু সফল ব্যৱসায়িক মূল্যৱান অন্তদৃষ্টি লাভ কৰাৰ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য লৈ প্ৰথমবাৰৰ বাবে ব্যতিক্ৰম ৱ’মেন কনক্লেভ আয়োজন কৰা হৈছে । এই অনুষ্ঠানত উদ্বোধন কৰিব শাক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই ৷
লগতে ত্ৰিপুৰা চৰকাৰৰ মুখ্য হুইপ কল্যাণী সাহা ৰয়, গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চাযুক্ত ৰুহুল আমিন, গায়িকা মনীষা হাজৰিকা, নেডফিৰ সঞ্চালক প্ৰধান পি ভি এছ এন এল মুৰ্তি প্ৰমুখ্যে উপস্থিত থাকিব আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তি । মাষ্টাৰ চেফ ইণ্ডিয়াৰ ১ ম ৰানাৰ আপ সাস্তা শৰ্মা, শিক্ষাবিদ তথা হালধীয়া চৰাইৰ প্ৰতিষ্ঠাপক ভাস্বতী ফুকন, সৌন্দৰ্য বিশেষজ্ঞ অৰুণন্ধুতী দাস, ৰাষ্ট্ৰীয় লেখিকা লয়া আগৰৱালা আদিও উপস্থিত থাকিব ।
ইয়াত পিচতে বিভিন্ন বিষয়ৰ ওপৰত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা বিশেষ আলোচনা অনুষ্ঠিত কৰা হ'ব । এই অনুষ্ঠানত অসমৰ প্ৰথম মহিলা পাইলট ধীৰা চলিহা হাজৰিকা, বিশিষ্ট চলচ্চিত্ৰ নির্মাতা তথা পৰিচালক ৰীমা দাসৰ লগতে আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সন্মানেৰে সন্মানীত কৰা হ'ব বুলি উল্লেখ কৰে ব্যতিক্ৰম মাছডোৰ সভাপতি ড৹ সৌমেন ভাৰতীয়াই ।
লগতে পঢ়ক : One act play competition: সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ কটনিয়ান নাট্য সমাজৰ ‘‘কথা বিষম’’