thumbnail

By

Published : Aug 15, 2023, 10:07 PM IST

Updated : Aug 15, 2023, 10:27 PM IST

ETV Bharat / Videos

Buildings collapsed like cards: তাচপাতৰ দৰে খহিল কেইবাটাও বাসগৃহ; এজনৰ মৃতদেহ উদ্ধাৰ; কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নিউজ ডেস্ক, ১৫ আগষ্ট: হিমাচল প্ৰদেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনে ৷ ৰাজ্যখনত বিগত কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এতিয়া ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ হিমাচলৰ ৰাজধানী চিমলাত মঙলবাৰে এটা শিৱমন্দিৰত ভূমিস্খলন হৈ কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত সোমাই মৃত্যু হোৱাৰৰ পাচত আজি পুনৰ ভূমিস্খলনৰ কৱলত পৰে চিমলাৰ কৃষ্ণ নগৰৰ এটা বৃহৎ অঞ্চল ৷

ভূমিস্খলনৰ ফলত তাচপাতৰ দৰে খহি পৰে ৫টাতকৈও অধিক ঘৰ আৰু বহু যান-বাহন ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচত উক্ত স্থানত জিলা আয়ুক্তসহ আন আন প্ৰশাসনিক বিষয়া তথা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । ধ্বংসাৱশেষৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । ইয়াৰে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

মৃত্যু ব্যক্তিজন নবীন ভল্লা বুলি চিনাক্ত কৰা হৈছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আই জি এম চি চিমলালৈ প্ৰেৰণ কৰা হৈছে । চিমলা পৌৰ নিগমৰ অন্তৰ্গত কৃষ্ণনগৰত পূৰ্বেও বহুবাৰ এনে দুৰ্ঘটনা সংঘটিত হৈছে ৷ ভূমিস্খলনৰ আশংকা কৰি স্থানীয় লোকে পূৰ্বেই বয়-বস্তুলৈ সেই স্থান ত্যাগ কৰাৰ কথা জানিবলৈ দিয়ে জিলা আয়ুক্ত আদিত্য নেগীয়ে ৷

লগতে পঢ়ক: Landslide at Shimla Shiv temple: ৮ জনৰ মৃতদেহ উদ্ধাৰ, ২০ জন লোকক আৱদ্ধ হৈ থকাৰ আশংকা

Last Updated : Aug 15, 2023, 10:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.