Kathin Cheebar Dan festival: ৰঙাপৰাৰ লুম্বিনী বৌদ্ধ বিহাৰত কঠিন চীৱৰ দান পালন

By

Published : Nov 1, 2022, 7:01 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
বৌদ্ধ ধর্মাৱলম্বী লোকসকলৰ এটা বিশেষ উৎসৱ হ’ল কঠিন চীৱৰ দান (Kathin Cheebar Dan festival) । আজি সমগ্ৰ ৰাজ্যখনৰ লগতে ১৯৪৯ চনত ৰঙাপৰাৰ নামনিগাঁৱত স্থাপন হোৱা ঐতিহাসিক লুম্বিনী বৌদ্ধ বিহাৰত নীতি-নিয়ম অনুসৰি পালন কৰে কঠিন চীৱৰ দান উৎসৱটি (Buddhist monastery in Rangapara) । পৱিত্ৰ কঠিন চীৱৰ দান উৎসৱত বৌদ্ধ ধর্মীয় লোকসকলে গৃহহাৰা ভিক্ষুসকলক চীৱৰ অর্থাৎ বস্ত্র দান কৰি আহিছে (Buddhist people celebrated Kathin Cheebar Dan) । নামনিগাঁওস্থিত লুম্বিনী বৌদ্ধ বিহাৰত কঠিন চীৱৰ দান উৎসৱ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে । প্ৰতি বছৰৰ দৰে এইবেলিও দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় কঠিন চীৱৰ দানৰ পৱিত্ৰ উৎসৱটি । কঠিন চীৱৰ দান এক মহৎ দান হিচাপে বিবেচিত হৈ আহিছে (Kathin Cheebar Dan festival in Buddhist monastery) । যি দানৰ ফলত ধৰ্মপ্ৰাণ ৰাইজে অশেষ পূণ্য লাভ কৰি অহা বুলি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মনতে বিশ্বাস কৰি আহিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.