Flood in Dibrugarh : ডিব্ৰুগড়ত বিপদ সীমাৰ প্ৰায় 1 মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ - Flood in Dibrugarh
🎬 Watch Now: Feature Video
Published : Aug 28, 2023, 12:19 PM IST
ডিব্ৰুগড়, 28 আগষ্ট : কেইবাদিনো ধৰি ৰাজ্যত নেৰেনেপেৰা বৰষুণ হোৱা পাচতেই ভয়াবহভাৱে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । দেওবাৰে আবেলিৰ পৰা ডিব্ৰুগড়ত বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে । ডিব্ৰুগড়ত বিপদ সীমা 105.72 মিটাৰতকৈ প্ৰায় 1 মিটাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া ৰাইজ । ইতিমধ্য দাঁতি কাষৰীয়া বহু ঠাই বাঢ়নী পানীয়ে বুৰাই পেলাইছে । ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি অৰ্থাৎ সোমবাৰে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বুজ লয় পৰিস্থিতি ।
বিধায়কগৰাকীয়ে কয় যে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ কেইবা ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে । কালিৰে পৰা এই বিপদ সীমা অতিক্ৰম কৰিছে । ৰাইজক শংকিত নহ’বলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে কয়, ‘‘বান সাহাৰ্য দিয়াৰ ব্যৱস্থাৰ আজিৰে পৰাই কৰা হ'ব । ইতিমধ্য বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলিও কয় বিধায়কগৰাকীয়ে ।
উল্লেখযোগ্য যে, বহু বছৰৰ পাচত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ইমান ভয়াবহভাৱে বৃদ্ধি হৈছে । ইমানতে নিয়ন্ত্ৰণলৈ নাহিলে ডিব্ৰুগড়ৰ বহু অঞ্চলৰ ৰাইজ বানত যে সৰ্বস্বান্ত হ'ব সেই কথা সহজেই অনুমান কৰিব পাৰি ।
লগতে পঢ়ক : Assam flood report: বানৰ কৱলত ৰাজ্যৰ 6 খন জিলা; 50 সহস্ৰাধিক আক্ৰান্ত