thumbnail

প্ৰেমিকাক ছুৰীৰে আঘাট কৰি আত্মহত্যা প্ৰেমিকৰ

By

Published : Aug 18, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

টীয়কৰ কাকজানত অঘটন ৷ অভিযোগ অনুসৰি, প্ৰেমিকাক ছুৰীৰে গুৰুতৰভাৱে আঘাট কৰি আত্মহত্যা কৰে প্ৰেমিকে (Boy commits suicide by stabbing girlfriend with knife)। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক চিকিৎসাৰ বাবে ইতিমধ্যে কাকজান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীত আৰু মৃত যুৱকজন তেজপুৰৰ মফিজুল ইছলাম বুলি জানিব পৰা গৈছে । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, কাকজানত এটা ঘৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী । দীৰ্ঘদিন ধৰি দুয়োজনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু বৃহস্পতিবাৰে দুয়োৰে মাজত প্ৰেমকেন্দ্ৰিক সংঘাত হোৱাত এই ঘটনা সংঘটিত হয় বুলি আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.