Bongaigaon weman Dhulia : কান্ধত ঢোল লৈ নাচনী নচুওৱাত ব্যস্ত হিমাশ্ৰী

By

Published : Apr 9, 2023, 10:24 PM IST

thumbnail

বঙাইগাঁও, 9 এপ্ৰিল : চাওঁতে চাওঁতে দুৱাৰদলি পালেহি ৰঙৰ ৰঙালী বিহুটি (Rangali Bihu 2023)৷ গাঁৱে-ভূঞে শুনিবলৈ পোৱা গৈছে কেৱল ঢোল, পেঁপা, গগণাৰ মাত ৷ গাঁৱে ভূঞে চলিছে বিহুনাচ আৰু ঢোল বাদনৰ শেষ আখৰা ৷ ৰ’ৱলৈ যেন কাৰোৰে আহৰি নাই ৷ কিয়নো ব’হাগ বিহু অসমীয়াৰ আয়ুসৰেখা, অসমীয়া বাপতি সাহোন ৷

ব’হাগ বিহু অহাৰ বাতৰি পাই উখল-মাখল এতিয়া ৰাজ্যৰ পৰিৱেশ ৷ এয়া গৰু ছালে মাত লগোৱাৰ বতৰ ৷ বিহু বুলি কান্ধত ঢোল লৈ সাজু হৈছে বঙাইগাঁৱৰ এইগৰাকী যুৱতীও ৷ দিনে-নিশাই যুৱতীগৰাকীয়ে কৰি গৈছে ঢোল বাদনৰ আখৰা ৷ এই যুৱতীগৰাকীৰ নাম হিমাশ্ৰী ৰায় ৷

সৰুৰে পৰা বিহু আৰু বিহুৰ বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ বজাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে বঙাইগাঁৱৰ জেল্কাঝাৰৰ মাজপাৰাৰ এইগৰাকী ঢুলীয়া ৷ বৰ্তমান বঙাইগাঁও সাংস্কৃতিক চেমনীয়া দলৰ লগত জড়িত হৈ আছে হিমাশ্ৰী ৰায় ৷

বিহু বলিয়া যুৱতীগৰাকীয়ে বিহুৰ ঢোলৰ লগতে তাল, গগণা, পেঁপা, টকা আৰু নাগাৰা বজোৱাতো পাকৈত এই যুৱতীগৰাকী (Assamese traditional instruments played by Bongaigaon artist)৷ 2018 চনৰে পৰা ঢোল বাদনৰ শিক্ষাগ্ৰহণ কৰি আছে হিমাশ্ৰীয়ে ৷ হিমাশ্ৰীৰ ঢোল বাদনৰ গুৰু বিধান দেউৰী ৷

লগতে পঢ়ক : Assamese traditional instruments : নিজ বাসগৃহতে লোকবাদ্যৰ সম্ভাৰ গঢ়ি তুলিছে ভূপেন গগৈয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.