ধৈৰ্যৰ ফল মাছ... বৰশীত লাগিল ২৫ কেজি ওজনৰ বৰালি - চাহৰ দোকানী শিৰাজুল হ’ক
🎬 Watch Now: Feature Video
Published : Dec 1, 2023, 4:55 PM IST
মাণিকপুৰ, 1 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত মানাহ নৈৰ পৰা ২৫ কেজি ওজনৰ প্ৰকাণ্ড বৰালি মাছ ধৰে এজন ব্যক্তিয়ে ৷ জানি আচৰিত হ’ব যে, এই মাছটোৰ বাবে প্ৰায় 17 বছৰ কাল অপেক্ষা কৰিছিল তেওঁ ৷ মাছটোৰ বাবেই তেওঁ কিনিছিল এটা প্ৰকাণ্ড বৰশী ৷ ব্যক্তিজনৰ নাম ছিৰাজুল হ’ক ৷
বঙাইগাঁৱৰ নাম্বাৰপাৰা বজাৰৰ কাষতে আছে ছিৰাজুলৰ এখন চাহৰ দোকান ৷ বজাৰৰ কাষতে আছে মানাহ নৈ ৷ দোকান চলোৱাৰ সমানে সমানে দীৰ্ঘদিনৰ পৰা এই প্ৰকাণ্ড মাছটো প্ৰত্যক্ষ কৰি আহিছিল দোকানীজনে । বছৰ বছৰ ধৰি মাছটো ধৰিবলৈ চাহৰ দোকানী ছিৰাজুল হ’কে চেষ্টা অব্যাহত ৰাখিছিল যদিও সক্ষম হোৱা নাছিল । বৃহস্পতিবাৰে সন্ধিয়া বৰশীৰে মাছটো ধৰিবলৈ সক্ষম হয় তেওঁ । প্ৰকাণ্ড মাছটো চাবলৈ ৰাইজৰ হেতা-ওপৰা লাগে । নিশাই মাছটো ১৩ হাজাৰ টকাত বিক্ৰী কৰা হয় আৰু প্ৰায় ৫০ জন লোকে মাছটো ভগাই লয় ।
লগতে পঢ়ক : বঙাইগাঁৱত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ