Constituency delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাক লৈ সন্তুষ্টি প্ৰকাশ বকোবাসী ৰাইজৰ - ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-06-2023/640-480-18874375-thumbnail-16x9-boko.jpg)
বকো, 29 জুন : ভাৰতীয় নিৰ্বাচনী আয়োগৰ প্ৰস্তাৱিত সমষ্টিৰ তালিকাক লৈ সন্তুষ্টি প্ৰকাশ কৰি বৃহস্পতিবাৰে বকোত ‘আদৰণি যাত্ৰা’ শীৰ্ষক সমদল বাহিৰ কৰা হয় । বকো গান্ধী মৈদানৰ পৰা বকো চহৰৰ মাজেৰে সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কামৰূপ জিলা ৰাজনৈতিক কোষৰ উদ্যোগত উলিওৱা আদৰণী যাত্ৰাত অঞ্চলটোৰ বিভিন্ন জাতি-জনজাতীয়ে অংশগ্ৰহণ কৰে । আদৰণি যাত্ৰা সমদল আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডাই ।
ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, ৰাজনৈতিক কোষৰ সভাপতি সুমিত ৰাভাৰ লগতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে এই আদৰণি যাত্ৰাত । প্ৰস্তাৱিত বকো সমষ্টি চূড়ান্ত তালিকাত একেদৰেই সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনাইছে হাছং প্ৰধান টংকেশ্বৰ ৰাভাই ।
লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ সৈতে মিত্রদল অগপৰ বিদ্ৰোহৰ উকমুকনি