Boka Bhaona at Kaliabor: ৪০০ বছৰীয়া পুৰণি পৰম্পৰা ধৰি ৰখা বোকা ভাওনা উৎসৱ

🎬 Watch Now: Feature Video

thumbnail

কলিয়াবৰ, 18 জুলাই : অসমৰ মৰীয়াসকলৰো আছে এক সুকীয়া সাংস্কৃতিক ঐতিহ্য ৷ কলিয়াবৰত মৰীয়া জনগোষ্ঠীয়ে ৪০০ বছৰীয়া পুৰণি পৰম্পৰা ৰক্ষা কৰি উদ্‌যাপন কৰে বোকা ভাওনা উৎসৱ ৷ কলিয়াবৰৰ মৰিয়াসকলৰ অন্যতম বাসস্থান জয়ন্তীপুৰত অৱস্থিত ৫৭০ খ্ৰীষ্টব্দত স্থাপন কৰা কেইবা শতিকা পুৰণি বৰমছজিদৰ সন্মুখত দেওবাৰে উদ্‌যাপন কৰে বোকা ভাওনা । আহোম ৰাজত্বৰ কালছোৱাৰে পৰা পিতলৰ বাচন-বৰ্তন নিৰ্মাণ কৰাসকলক মৰীয়ামূলৰ লোক বুলি জনা যায় । মৰিয়াসকল মূছলমান সম্প্ৰদায়ৰ লোক ।

১৫৩২ খ্ৰীষ্টাব্দত আহোম সেনাপতি আৰু মন্ত্ৰী কনচেং বৰপাত্ৰগোঁহায়ে তুৰ্বকক যুদ্ধত পৰাস্ত কৰি কিছুমান মূছলমান সৈন্য বন্দী কৰিছিল । এই লোকসকলক কলিয়াবৰতে বসবাস কৰাৰ সুবিধা কৰি দিছিল আহোম স্বৰ্গদেৱে । কলিয়াবৰৰ সামাজিক জীৱনৰ লগত একাত্ম হৈ পৰা এই জনগোষ্ঠীৰ লোকসকলে স্থানীয় বাসিন্দাৰ সংস্কৃতি-লোকাচাৰ এতিয়াও পালন কৰি আহিছে । তেনে এক সংস্কৃতি হ’ল বোকা ভাওনা ।

আহোম স্বৰ্গদেও চুহুংমুহুঙৰ ৰাজত্ব কাল তথা ১৫৩২ খ্ৰীষ্টাব্দৰ পৰাই মৰীয়াসকলে উদ্‌যাপন কৰি আহিছে বোকা ভাওনা । বোকা ভাওনা উৎসৱৰ আগতে নিজৰ ঘৰৰ পোহনীয়া মতা ৰঙা মুৰ্গী আৰু কেঁচা পিঠাগুৰিৰ পিঠাৰে মছজিদলৈ প্ৰসাদ আগবঢ়াই ৰাইজৰ মংগল প্ৰাৰ্থনা কৰে তেওঁলোকে । কলিয়াবৰৰ জয়ন্তীপুৰত এই ভাওনা অতি উলহ-মালহেৰে পালন কৰিলে যুৱকসকলে ।

লগতে পঢ়ক : Diarrhoea Control Programme in Kaliabor: ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.