thumbnail

By

Published : Jan 8, 2023, 10:51 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Woman body rescued in Jonai: বাসগৃহৰ পৰা গলিত অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

চিলাপথাৰৰ ২ নং চিলাগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ নিজ বাসগৃহৰ পৰা গলিত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (Body of woman found in a decomposed state) ৷ মৃত মহিলাগৰাকী ২ নং চিলাগাঁৱৰ জিতেন দে’ৰ পত্নী কল্পনা দে’ বুলি জানিব পৰা গৈছে (Woman body found in Jonai) । প্ৰতিবেশীয়ে সদৰি কৰা মতে প্ৰায় তিনি মাহে গাঁওবাসীয়ে দেখা পোৱা নাছিল স্বামী-স্ত্ৰীক । দেখা-সাক্ষাৎ নাছিল কল্পনা দে’ৰ একমাত্ৰ পুত্ৰ সন্তানটিৰো । ইফালে যোৱা দুদিনৰ পৰা কল্পনা দে’ৰ ঘৰখনৰ পৰা বিয়পি পৰিছিল এক উৎকট গোন্ধ ৷ সেয়েহে শনিবাৰে ৰাইজ একত্ৰিত ঘৰখনৰ দৰ্জা ভাঙি প্ৰৱেশ কৰে ঘৰখনত ৷ তাৰ পিছতেই ভিতৰত প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ অৰ্ধগলিত মৃতদেহ । লগে লগেই হুৱা-দুৱা লাগে গাঁওবাসীৰ মাজত ৷ ৰাইজে সন্দেহ কৰা মতে মৃতকৰ স্বামীক আটক কৰিলেই সম্পূৰ্ণ ঘটনা ফাদিল হ’ব । ঘটনা সক্ৰান্তত ইতিমধ্যেই গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে ৷ আনহাতে মহিলাগৰাকীৰ মৃত্যু কেনেকৈ হ’ল ? স্বামী-পুত্ৰ ক’ত গ’ল ? এয়া হত্যা নে আত্মহত্যা ? যদিহে হত্যা তেতিয়াহ’লে কোনো হত্যা কৰিছে ? সেয়া পোহৰলৈ আহিব আৰক্ষীৰ তদন্তত ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.