মেঘালয়ৰ ভাইটবাৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা - 76th years of Independence day
🎬 Watch Now: Feature Video
নাওখেলৰ আনন্দ-উৎসৱৰ মাজতে মেঘালয়ৰ ভাইটবাৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা(Boat accident in Meghalaya Bhaitbari)। খেল চলি থকাৰ সময়ত নাওঁখন গন্তব্য স্থান পোৱাৰ সময়তে সংঘটিত হয় দুর্ঘটনাটো (Terrible boat accident) ৷ দুর্ঘটনাটোৰ ফলত কেইবাজনো লোক আহত হয় ৷ দুজন লোক গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাটোত ৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰাই বৰ্তমানে চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ স্বাধীনতা দিৱস উপলক্ষে অসম মেঘালয় সীমান্তৱৰ্তী ভাইটবাৰীৰ ফেৰছাকান্দিত নাওঁখেলৰ আয়োজন কৰিছিল মেঘালয়ৰ নাগৰিকে(76th years of Independence day)৷ উল্লেখ্য যে, বিগত সাতটা দশক ধৰি প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা মেঘালয়ৰ ভাইটবাৰীত আয়োজন কৰা হৈ আহিছে নাওঁখেলৰ ৷ অন কেমেৰা নাওঁ দুর্ঘটনাৰ সমগ্ৰ শিহৰণকাৰী দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ৷
Last Updated : Feb 3, 2023, 8:26 PM IST