Voter Chetna Maha Abhiyan:তিনিচুকীয়াত ভোটাৰ চেতনা মহা অভিযানৰ BLA-2 পৰ্যায়ৰ প্ৰশিক্ষণ - শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া
🎬 Watch Now: Feature Video


Published : Sep 4, 2023, 8:24 PM IST
তিনিচুকীয়া, ৪ ছেপ্টেম্বৰ : ভোটাৰ সজাগতা, নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তি, সন্দেহজনক ভোটাৰৰ নাম কৰ্তনৰ লগতে ভোটাৰ ৰাইজৰ নামৰ সংশোধন আদি বিষয়ত ভাৰতীয় জনতা পাৰ্টিয়ে আৰম্ভ কৰা "ভোটাৰ চেতনা মহা অভিযান"ৰ অংশ হিচাপে সোমবাৰে তিনিচুকীয়া জিলাৰ ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ ভিত্তিত মাকুমৰ আগমন বিবাহ ভৱনত আয়োজন কৰা হয় BLA-2 পৰ্যায়ৰ প্ৰশিক্ষণ ।
বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কুশকান্ত বড়া, সাধাৰণ সম্পাদক পুলক চেতিয়া, ৰাজ্যিক যুৱ আৰু ছাত্ৰ কল্যাণ পৰিষদৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ত্ৰিদিৱ মৰাণ, মাকুম পৌৰসভাৰ পৌৰপতি বিপাশা বৰাৰ সৈতে বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলো উপস্থিত থাকে ।
লগতে পঢ়ক : NDA Meets in Tinsukia: ৰেচন কাৰ্ড, অৰুণোদয় আৰু নিবনুৱা যুৱকৰ বাবে বিশেষ পেকেজ লৈ লোকসভা নিৰ্বাচনলৈ সাজু NDA