FIR Against APCC President: প্ৰদেশ কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে নলবাৰী থানাত এজাহাৰ দাখিল BJYM ৰ

By

Published : Jul 28, 2023, 3:55 PM IST

thumbnail

নলবাৰী,28 জুলাই: সংবাদমেলৰ যোগেদি ক্ষমা খুজিও বিপদে লগ এৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী সদৰ থানাতো ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিয়ে । ‘তেওঁ নিজে ক্ষমা খোজা নাই ৷ তেওঁক ককায়ে সপোনত কোৱা কাৰণে হে ক্ষমা খুজিছে ৷ তেওঁৰ অনুশোচনা হোৱা নাই ৷’ এই মন্তব্য যুৱ মৰ্চাৰ নলবাৰী জিলা সমতিৰ সভাপতি মৃগাংক দাসৰ ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱান কৃষ্ণক লৈ কৰা লাভ জেহাদৰ মন্তব্যৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ । ভূপেন বৰাৰ তেনে মন্তব্যই হিন্দু ধৰ্মক আঘাত হনাৰ অভিযোগত শুকুৰবাৰে নলবাৰীতো এজাহাৰ দাখিল কৰে বিজেপিৰ জিলা যুৱ মৰ্চাই । যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃগাংক দাসৰ নেতৃত্বত দলটোৱে নলবাৰী থানাত দাখিল কৰে এজাহাৰ । 

লগতে পঢ়ক:Jayanta Malla Baruah: নলবাৰীত হ’ব আদৰ্শ চিকিৎসালয়; ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.