BJPs meeting in Howli: বিৰোধীৰ কথা মতে অসমত চৰকাৰ নচলে: ভৱেশ কলিতা - BJPs special meeting in Howli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 21, 2023, 8:56 AM IST

বৰপেটা, ২১ ফেব্ৰুৱাৰী: ২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা, কলিয়াবৰ আৰু নগাঁও সমষ্টি বিজেপি মিত্ৰদলে লাভ কৰাটো নিশ্চিত । এই দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । সোমবাৰে বৰপেটা জিলাৰ হাউলীৰ আতিথ্য সভাগৃহত অনুষ্ঠিত বিজেপিৰ বিশেষ সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এইদৰে মন্তব্য় কৰে (State BJP president Bhabesh Kalita)। তদুপৰি বৰপেটাকে ধৰি বিজেপিৰ দখলত থকা ছয়টা সমষ্টিত এইবেলি কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা সন্দৰ্ভত প্ৰথমে কংগ্ৰেছে বদৰুদ্দিন আজমলক হৰুৱাওক বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে (BJPs special meeting in Howli)।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বদৰুদ্দিন আজমলক ধুবুৰী লোকসভা সমষ্টিটো এৰি দিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (APCC president Bhupen Bora)। ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই কয়, "বিজেপিয়ে কাকো আসন এৰি নিদিয়ে । বিজেপিয়ে জৰা-ফুকাৰ পৰিৱৰ্তে বিকাশৰ কাম কৰে ।" সামগ্ৰিভাৱে অসমক শান্তিত ৰখাটো বিচাৰে বুলি তেওঁ মন্তব্য় কৰে । তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনত ভাল ফলাফল আশা কৰা সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্তব্য় কৰি কয়, "তৃণমূল কংগ্ৰেছ অসমত নাহে । সেইবিলাক বহু দূৰৈত থাকিব । "

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ কয়," বিৰোধীৰ কথা মতে অসমত চৰকাৰ নচলে ।" ইপিনে, বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিয়েই থাকিব বুলিও তেওঁ মন্তব্য কৰে । হাউলীৰ আতিথ্য সভাগৃহত অনুষ্ঠিত বিজেপিৰ বিশেষ সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বৰপেটা লোকসভা সমষ্টিৰ প্ৰভাৰীসকলৰ উপৰি জিলা কেইখনৰ প্ৰভাৰীসকল, সামাজিক মাধ্যম তথা তথ্য প্ৰযুক্তিৰ আহ্বায়ক সহঃ আহ্বায়ক, ৬ নং বৰপেটা লোকসভা সমষ্টিৰ চাৰিখন জিলাৰ সভাপতিসকল, জিলাৰ আপেক্ষিক কাৰ্যালয়ৰ বিষয়ববীয়াসকলৰ লগতে লোকসভা সমষ্টিৰ সামাজিক মাধ্যমৰ সদস্য সকল উপস্থিত থাকে ।

লগতে পঢ়ক:AIUDF MLA slams Assm CM : ৰাজ্যত চলিছে মুক্তহত্যা; এনকাউন্টাৰ প্ৰসংগত ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.