সোণাৰিৰ ৰাজপথত মন্ত্ৰী-বিধায়ক তথা বিজেপি নেতাৰ আবতৰীয়া বিহু - assembly election 2023
🎬 Watch Now: Feature Video


Published : Dec 3, 2023, 10:50 PM IST
ডিব্ৰুগড়, 3 ডিচেম্বৰ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৰাজপথত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় উল্লাস । তিনি ৰাজ্যত বিজেপিয়ে বৃহৎ জয়লাভ কৰাৰ পাচতে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰতো ফটকা, আতচবাজীৰে বিজয় উৎসৱ উদযাপন কৰা পৰিলক্ষিত হয় ।
সোণাৰিৰ ৰাজপথতে মন্ত্ৰী, বিধায়ক আৰু বিজেপি নেতাই আৱতৰীয়া বিহু মৰা দেখিবলৈ পোৱা গ'ল । সোণাৰিৰ আনন্দ উল্লাসত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ তথা জিলা বিজেপিৰ প্ৰভাৰী সুভাষ দত্তৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে ।
উক্ত অনুষ্ঠানত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, ‘‘আজি ঘোষিত নিৰ্বাচনৰ ফলাফলৰ পাচত সমগ্ৰ ভাৰতবাসীয়ে নৰেন্দ্ৰ মোদীকে প্ৰধানমন্ত্ৰী হিচাবে বিচৰাটো প্ৰমাণিত হ'ল ।’’
লগতে পঢ়ক : তিনি ৰাজ্যত চমকপ্ৰদ জয়ৰ পিচত নগাঁও বিজেপি কাৰ্যালয়তো বিজয় উৎসৱ