Manoj Baruah Press Meet : ভূপেন বৰাৰ ভবিষ্যদ্বাণী 3 ডিচেম্বৰত মিছা প্ৰতিপন্ন হ'ব: বিজেপি - Upcoming Election

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 11:04 PM IST

গুৱাহাটী, 14 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নেতাৰ মাজত চলিছে বাকযুদ্ধ ৷ বিশেষকৈ শাসকীয় দল বিজেপি আৰু কংগ্ৰেছ দলৰ নেতাৰ মাজত চলা বাকযুদ্ধ তংগত উঠিছে ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিৰ বিভিন্ন কাৰ্যসূচীক সমালোচনা কৰাৰ লগতে পাঁচখন ৰাজ্যত বিজেপি শূন্য হ’ব বুলি মন্তব্য কৰি আহিছে ৷

সভাপতি বৰাই বিজেপিক কৰা সমালোচনাৰে প্ৰত্যুত্তৰ দিলে বিজেপিৰ মুখপাত্র মনোজ বৰুৱাই ৷ কংগ্ৰেছে ভুল বার্তা বিয়পাইছে বুলি উল্লেখ কৰি বৰুৱাই কয়, ‘‘প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ হতাশগ্রস্ত হৈছে । কংগ্ৰেছৰ এই হতাশগ্রস্ততাৰ প্ৰতিফলন তেওঁলোকে যোৱা কেইদিনত কৰা বক্তব্যত স্পষ্ট ৰূপকৈ প্রকাশ পাইছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পূৰ্বতেও অসমৰ ৰাজনীতিত ভূমিকম্প, ছুনামি অহাৰ কথা ঘোষণা কৰিছিল । ইফালে জ্যোতিষীৰ ৰূপত আত্মপ্রকাশ কৰি ভূপেন বৰাই পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপি শূণ্য হ'ব বুলি ঘোষণা কৰিছে । কিন্তু তেওঁৰ যি ঘোষণা সেয়া 3 ডিচেম্বৰত মিছা প্ৰতিপন্ন হ'ব ।’’ মঙলবাৰে এইদৰে ভূপেন বৰাৰ বিৰুদ্ধে সৰব হ’ল বিজেপিৰ নেতাগৰাকী ৷

লগতে পঢ়ক:Minister Jayanta Malla Baruah : বিজেপিৰ দিনত অতি কষ্টৰে চলিবলগীয়া হৈছে মন্ত্ৰীসকল : জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.