BJP protest in Diphu: ডিফুত দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ বিজেপি যুৱ মৰ্চাৰ - Karbi Anglong District BJP Yuva Morcha
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-10-2023/640-480-19655675-thumbnail-16x9-dip-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 1, 2023, 5:21 PM IST
ডিফু, ১ অক্টোবৰ: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকাত উন্নয়নৰ নামত এশ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শাসকীয় বিজেপি দল । দেওবাৰে এই প্ৰতিবাদৰ অংশৰূপে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ কৰে কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চাই ।
উল্লেখ্য় যে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কংগ্ৰেছৰ উক্ত অভিযোগ নস্যাৎ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ হুংকাৰ দিয়াৰ পিছত আজি ডিফুত বিৰোধী দলপতিগৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চাই । ডিফু চহৰত বিজেপি যুৱ মৰ্চাৰ নেতা-কৰ্মীসকলে দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ কৰাৰ লগতে 'কংগ্ৰেছ (আই) গ' বেক','তুলিৰাম ৰংহাং জিন্দাবাদ ' শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক:Ek Tarikh Ek Ghanta EK Sath: ডিব্ৰুগড়ত ‘এক তাৰিখ এক ঘণ্টা এক সাথ’ কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল