Winter Session of Assam Assembly: কোকৰাঝাৰত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন
🎬 Watch Now: Feature Video
কোকৰাঝাৰ, ১০ এপ্ৰিল: প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত তথা কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন । কোকৰাঝাৰস্থিত বিটিচিৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন ৷ কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনক লৈ সোমবাৰে বিয়লি বিটিচিৰ বিধান পৰিষদীয় ভৱন পৰিদৰ্শন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Biswajit Daimary inspects Legislative Council Building) ।
ইফালে সংবাদমাধ্যমৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, অহা নৱেম্বৰ নতুবা ডিচেম্বৰ মাহত কোকৰাঝাৰত অসম বিধানসভাৰ শীতকালীন অধিবেশন অনুষ্ঠিত হ'ব (Winter Session of Assam Legislative Assembly in Kokrajhar) । অধিবেশনখন প্ৰায় এসপ্তাহ ধৰি চলাৰ সম্ভাৱনা ব্যক্ত কৰিছে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সকলো ঠিক-থাক কৰা হ'ব বুলি কয় দৈমাৰীয়ে ৷
আনহাতে, মন্ত্ৰী-বিধায়ক আৰু বিষয়াসকলক ৰখাৰ বাবে কোকৰাঝাৰত সু-ব্যৱস্থা আছে বুলি সদৰি কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, মন্ত্ৰী বিধায়কক স্থানীয় লোকে মন্ত্ৰী-বিধায়কৰ ইচ্ছাসাপেক্ষে আলহী হিচাপেও ৰাখিব পাৰিব । অধিবেশনকালীন সময়চোৱাত অসম বিধানসভাৰ সদস্যসকলক স্থানীয় কলা-কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰোৱা হ'ব বুলি সদৰী কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, স্থানীয় বিভিন্ন পৰ্যটনথলীৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো পৰিভ্ৰমণ কৰিব পাৰিব মন্ত্ৰী বিধায়কসকলে (Winter Session of Assam Legislative Assembly) ।
স্থানীয় লোকক বিধানসভাৰ কাৰ্যপ্ৰণালী প্ৰত্যক্ষ কৰাৰ সুযোগ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে, মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক সকলোৱে অধিবেশন চলি থকা দিন কেইটাত কোকৰাঝাৰৰ পৰাই অধিবেশনৰ লগতে অসম সচিবালয়ৰ কাম-কাজ চলাই থাকিব ৷ উল্লেখ্য যে, বিটিআৰ বিধান পৰিষদীয়ভৱন পৰিদৰ্শনৰ অন্তত বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বিটিচি সচিবালয়ৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে সচিবালয়ত এক বৈঠকত মিলিত হয় ৷
লগতে পঢ়ক: Amit Shah in Dibrugarh : ডিব্ৰুগড়ত অমিত শ্বাহৰ সভাক লৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা