thumbnail

By

Published : Apr 6, 2023, 10:14 PM IST

ETV Bharat / Videos

Hanuman jayanti rally: নলবাৰীত হনুমান জয়ন্তীৰ উপলক্ষে বিশাল ৰেলী

নলবাৰী, ৬ এপ্ৰিল: আজি হনুমান জয়ন্তী ৷ বৃহস্পতিবাৰে দেশ তথা ৰাজ্যৰ আন প্ৰান্তৰ লগতে নলবাৰীতো পালন কৰা হয় হনুমান জয়ন্তী (Hanuman Jayanti celebration in Nalbari) । নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদ বজৰং দলে চহৰখনৰ প্ৰাণকেন্দ্ৰত থকা শ্ৰীশ্ৰী হৰিমন্দিৰত থকা শ্ৰীশ্ৰী হনুমান মন্দিৰত হনুমান জয়ন্তী উদযাপন কৰে (Biswa Hindu Parishad Celebrate Hanuman Jayanti) ৷ 

হনুমান জয়ন্তীৰ প্ৰথম কাৰ্যসূচী হিচাপে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা উপ-সভাপতি মানস পাটগিৰিয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ লগতে বজৰং দলৰ প্ৰাৰ্থনা কৰে ৷ তাৰ পিচতে নলবাৰী হৰি মন্দিৰ চৌহদৰ পৰা প্ৰায় তিনি শতাধিক বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কাৰ্যকৰ্তাৰে এক বৃহৎ ৰথ যাত্ৰা চহৰখনৰ মাজেৰে উলিওৱা হয় (Hanuman jayanti rally in Nalbari) ৷  

মহাপ্ৰভু শ্ৰী হনুমানৰ পূজা সম্পন্ন হোৱাৰ পিচতে ভোগ গ্ৰহণ কৰাৰ লগতে ব’ল উপাসনাৰে কাৰ্যসূচী সমাপন কৰে ৷ এই হনুমান জয়ন্তী উদযাপনেৰে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সনাতনী হিন্দু সমাজৰ কুশল মংগল কামনা কৰে দলটোৱে ৷ ইয়াৰোপৰি অনাগত দিনত সমগ্ৰ হিন্দু সমাজ একত্ৰিত হৈ বিধৰ্মী, কুঅভিসন্ধিৰ বিৰুদ্ধে মাত মাতিবলৈ বজৰং দলক সহযোগ কৰাৰ বাবে আহ্বান জনায় ৷ এই অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকলৰ উপৰিও ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয় ৷

লগতে পঢ়ক: Assam Police: পূৰ্ণাংগ আৰক্ষীত পৰিণত হ’ল নৱ নিযুক্ত 1715 গৰাকী জোৱান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.