Bihu function in AGP office: অগপৰ নগাঁও জিলা কাৰ্যালয়ত বিহু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 20, 2023, 10:28 PM IST

নগাঁও, 20 এপ্ৰিল: সাত বিহুৰ আজি চেৰা বিহু (Sera bihu) ৷ চাৰিওফালে ৰঙালীৰ আনন্দ উছাহত মতলীয়া ৰাজ্যবাসী । আন জিলাসমূহৰ সমান্তৰালকৈ নগাঁৱৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিহু অনুষ্ঠান ৷ অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ যুটীয়া উদ্যোগত চেৰা বিহুৰ দিনা উদযাপন কৰা হয় বিহু । আঞ্চলিক দল অগপৰ নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয় প্ৰাংগণতে উদযাপন কৰা হয় এই ৰঙালী বিহু (Bihu function organised in Nagaon AGP office) ৷

হুঁচৰি আৰু মুকলি বিহু প্ৰদৰ্শনৰ লগতে জ্যেষ্ঠ জনক বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ কৰ্মীসকলে । বৃহস্পতিবাৰে সন্ধিয়া ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ পৰে অগপৰ নগাঁও জিলাৰ কাৰ্যালয়ৰ বাকৰি । বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন ৰাজনৈতিক দল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম গণ পৰিষদৰ নগাঁও জিলা সভাপতি মণি মাধৱ মহন্তই । কোনো ৰাজনৈতিক দলে অগপ বিজেপিৰ মিত্ৰজোঁটক ক্ষতি কৰিব নোৱাৰে বুলি উল্লেখ কৰে তেওঁ ৷

মণি মাধৱ মহন্তই লগতে উল্লেখ কৰে ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ সকলোৰেই আছে । কিন্তু অসমৰ পুৰণি আৰু শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে সকলো সম্প্ৰদায়ৰ লোকক সমমৰ্যদা প্ৰদান কৰি আগবাঢ়ি আহিছে । মিত্ৰজোঁটৰ চৰকাৰে ভাল কাম কৰি আছে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে তেওঁ ।

চেৰা বিহুৰ দিনা অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰা মুকলি বিহুত জিলা অগপৰ সভাপতি মণিমাধৱ মহন্তৰ লগতে উপস্থিত থাকে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : Elephant Bihu in Tinsukia : তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ হাতী বিহু পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.