thumbnail

Assam Rangali Bihu: ৰাজ্যত ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

By

Published : Mar 25, 2023, 12:53 PM IST

আমগুৰি, ২৫ মাৰ্চ: অসমীয়াৰ অতিকে আপোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি (bihu dance workshop in Assam) । ইয়াৰ মাজতে আমগুৰিত বিহুৰ আখৰাত ব্যস্ত কণ কণ শিশুহঁত ।

আমগুৰিৰ নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ জানমণি কমপ্লেক্সত অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা । কণ কণ শিশু আৰু কিশোৰীসকলে ঢোল আৰু পেঁপাৰ মাতত কঁকাল ভাঙি নচা দেখিবলৈ পোৱা গৈছে । দহদিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ হতুৱাই বিহুনাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । শতাধিক কণ কণ নাচনী আৰু ঢুলীয়াৰ প্ৰশিক্ষণৰ কৰ্মশালাত পাৰভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে ।

'বিহু অসমৰ মান, বিহু অসমৰ প্ৰাণ '। আমগুৰিৰ সমীপৰ চামগুৰিৰ জানমণি বাকৰিত যোৱা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা ১০ দিনীয়া বিহুনাচ আৰু ঢোলবাদন প্ৰশিক্ষণ কৰ্মশালাত বিশিষ্ট ঢুলীয়া দীপম দত্ত, নৃত্যশিল্পী সন্মানেৰে সন্মানিত বেদান্ত নাথে প্ৰশিক্ষণ আগবঢ়ায় ।

লগতে পঢ়ক : Bihu dance workshop: বঙাইগাঁৱত সাতদিনীয়া বিনামূলীয়া বিহু প্ৰশিক্ষণৰ সামৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.