Assam Bihu Guinness book of world record: বিশ্ব অভিলেখৰ বাবে সাজু ৰঙিয়াৰ নাচনীও - bihu dance trainning

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 29, 2023, 2:20 PM IST

ৰঙিয়া, 29 মাৰ্চ : হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন । ঢোল, পেঁপাৰ মাতত মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যখনৰ 11 সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ দ্বাৰা অভিলেখ গঢ়াৰ উদ্দেশ্যে ৰঙিয়া মহকুমাৰ বাবে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিহু নৃত্যৰ আখৰা চলিছে (Bihu dance workshop) । সোমবাৰৰ পৰা বিহুৱতী, ঢুলীয়া আদিৰ প্ৰশিক্ষণ তথা অনুশীলন চলিছে মাষ্টাৰ ট্ৰেইনাৰ সকলৰ তত্বাৱধানত ।

নিৰ্বাচিত বিহুৱতী তথা ঢুলীয়া আদিকে ধৰি সংশ্লিষ্ট সকলোৱে নিজৰ নিজৰ বাদ্য-যন্ত্ৰ, বিহুৰ সাজ পাৰ, আ-অলংকাৰ পৰিধান কৰি প্ৰশিক্ষণ লৈছে । বৃহত্তৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা কেইবা শতাধিক যু্ৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । এই বিহু কৰ্মশালাৰ যোগেদি নৱ প্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰি অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ লোৱা চৰকাৰৰ প্ৰচেষ্টাক একেলগে শলাগিছে সংস্কৃতিবাণ ৰাইজে (Bihu dance workshop across Assam) । কৰ্মশালাৰ প্ৰথম দিনটোতে কেইবা শতাধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিয়ে আপ্লুত কৰিছে প্ৰশিক্ষকসকলকো । উল্লেখ্য যে ৰঙিয়াত ২০০ গৰাকী ঢুলীয়া-নাচনীয়ে প্ৰশিক্ষণ লৈছে গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে (Assam Bihu Guinness book of world record) । 

লগতে পঢ়ক : Assam Bihu Guinness book of world record: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈ উঠিছে টীয়কৰ নাচনীও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.