Bihu dance workshop: বিশ্ব ৰেকৰ্ড গঢ়িবলৈ কঁকালত টঙালি বান্ধিছে ঢকুৱাখনাৰ বিহুৱতীৱে

By

Published : Mar 30, 2023, 9:24 AM IST

thumbnail

ঢকুৱাখানা, 30 মাৰ্চ : বিশ্ব দৰবাৰলৈ বাপতি সাহোন বিহু । অসম আৰু অসমীয়াৰ স্বাভিমান বিহুৱে ৰচিব বিশ্ব অভিলেখ । বিহু নাচ প্ৰদৰ্শনেৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৱা নাচনীৰ পূৰ্ণ অনুশীলন । বাদ পৰি যোৱা নাই ঢকুৱাখানাও । ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ (Assam Bihu Guinness book of world records) ।

ঢকুৱাখানাৰ ঐতিহাসিক ফাটবিহুৰ বাকৰি এতিয়া উদুলি মুদুলি (Dhakuakhana bihu dance workshop) । গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ অধিকাৰী হ'বলৈ কঁকালত টঙালি বন্ধিছে ঢকুৱাখানাৰ বিহুৱা বিহুৱতীয়ে । ঢকুৱাখনাৰ দীপক দাস, চায়াশ্ৰী চমুৱা, বৰষা বৰগোহাঁই আৰু পৰমা বৰাৰ নেতৃত্বত তিনি শতাধিক বিহুৱা বিহুৱতীয়ে ফাটবিহুৰ বাকৰিত চলাইছে বিহুৰ আখৰা ৷

অসম চৰকাৰৰ এই মহৎ প্ৰচেষ্টাক সফল কৰিবলৈ প্ৰতিকুল বতৰকো নেওচি ফাটবিহুৰ বাকৰিত নিতৌ অনুশীলন চলাইছে তেওঁলোকে (Bihu dance workshop across Assam) । ঢোলৰ চেৱত চিট পখিলী উৰাদি নাচনী উৰিছে । শতাধিক ঢুলীয়াৰ ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিছে তিনি শতাধিক নাচনীয়ে । ৰাজ্য চৰকাৰে পোন প্ৰথমবাৰৰ বাবে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়জন কৰা মেগা বিহু অনুষ্ঠানত ঢকুৱাখনা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব তিনিশ গৰাকী বিহুৱতীৰ লগতে ঢুলীয়া, তালিয়া আৰু পেঁপুৱাই ৷

লগতে পঢ়ক : Assam Bihu Guinness book of world record: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈ উঠিছে টীয়কৰ নাচনীও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.