thumbnail

Bihu dance practice is going on in Assam: আমিনগাঁৱৰ পৰা বিহু আখৰাৰ ভিডিঅ’ চাওক

By

Published : Mar 30, 2023, 12:25 PM IST

কামৰূপ, 30 মাৰ্চ : ৰাজ্যত এতিয়া জোৰদাৰ গতিত চলিছে বিহুৰ আখৰা (Bihu dance practice is going on in Assam) ৷ চৌদিশে মাথো বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ ৷ গ্ৰীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে অসম চৰকাৰে এঘাৰ হেজাৰ নাচনী ঢুলীয়াৰে সৰুসজাই ষ্টেডিয়ামত বিহুনাচ প্ৰদৰ্শন কৰোৱাবলৈ আগবাঢ়িছে ( Guinness book of world record) ৷ ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে কামৰূপ জিলাতো আখৰা আৰম্ভ হৈছে ৷ কামৰূপ জিলা প্ৰশাসনে কামৰূপ জিলাৰ ৩ টা স্থানত নিৰ্বাচিত বিহুৱতী ঢুলীয়াক বিহুনাচৰ প্ৰশিক্ষণ দি আছে ৷

ইতিমধ্যেই কামৰূপ জিলাৰ ছয়গাওঁ, ৰঙিয়া আৰু আমিনগাঁৱত বিহুৰ আখৰা আৰম্ভ হৈছে (Bihu dance practice) । এয়া আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰৰ খেলপথাৰত অভিলেখৰ বাবে কৰি থকা বিহুনাচ অনুশীলনৰ দৃশ্য । ৫০ গৰাকী ঢুলীয়া আৰু ২০০ গৰাকী বিহুৱতীয়ে অংশগ্ৰহণ কৰিছে এই বিহুনাচৰ আখৰাত । আমিনগাঁও কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰৰ বিহুনাচৰ আখৰাত দহগৰাকী প্ৰশিক্ষকে নেতৃত্ব দি আছে । উল্লেখযোগ্য যে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই বিশাল কাৰ্যসূচীত কামৰূপৰ মুঠ ৬০০ গৰাকীয়ে ঢুলীয়া আৰু নাচনীয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : Bihu dance workshop: টীয়কৰ বিহু আখৰাত উপস্থিত হৈ নাচনীক উৎসাহ যোগালে জিলা উপায়ুক্তই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.