Bihar minor girl missing: বিহাৰৰ নাবালিকাক অপহৰণৰ সন্দেহত অসমৰ যুৱতীক গ্ৰেপ্তাৰ - বিহাৰ আৰক্ষী
🎬 Watch Now: Feature Video

কাজিৰঙা, 11 জুন : বিহাৰৰ সন্ধানহীন নাবালিকাক বিচাৰি কাজিৰঙাত উপস্থিত হৈছে বিহাৰৰ আৰক্ষী ৷ নাবালিকাগৰাকীৰ পৰিয়ালে বিহাৰৰ আহিয়াপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি কৰা তদন্তত কাজিৰঙাৰ বৰুৱা উপাধিৰ এগৰাকী যুৱতীৰ বাসগৃহত নাবালিকাগৰাকী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে ৷
সেই মৰ্মে দেওবাৰে কাজিৰঙাৰ কহঁৰা আৰক্ষীৰ সহযোগত অসমৰ যুৱতীগৰাকীৰ ঘৰত অনুসন্ধান চলাই উদ্ধাৰ কৰে আৰক্ষীয়ে উদ্ধাৰ কৰে নাবালিকাগৰাকীক ।
দুয়োকে কহঁৰা আৰক্ষী চকীত সোধা পোছাৰ অন্তত বিহাৰৰ আৰক্ষীয়ে Ahiyapur PS Case no 675/23 U/S 363/366(A) IPC ধাৰত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে ৷ অসমৰ যুৱতীগৰাকীয়ে জনোৱা অনুসৰি বিহাৰৰ নাবালিকাগৰাকীয়ে ঘৰত তেওঁক পৰিয়ালৰ লোকে মাৰধৰ কৰা বুলি বুলি কৈছিল ৷ যদি তেওঁক গুৱাহাটীৰ পৰা লৈ নাযায় তেনেহ’লে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ ভাবুকি দিছিল ৷ সেইবাবেই নাবালিকাগৰাকীক ঘৰলৈ লৈ আহিছিল যুৱতীগৰাকীয়ে ৷
লগতে পঢ়ক: Robbers detained: অস্ত্ৰসহ কৰিমগঞ্জ আৰক্ষীৰ জালত পাঁচ ডকাইত