Titabar Bicycle Thieves: চোৰৰ মৰসাহ; ফেক্টৰীৰ পৰা চাইকেল চুৰি কৰি বিপদত ছদ্মবেশী শ্ৰমিক - তিতাবৰ বোকাহোলা চাহ ফেক্টৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 13, 2023, 2:45 PM IST

যোৰহাট,13 আগষ্ট: এইবাৰ চোৰৰ মৰসাহ ৷  শ্ৰমিকৰ বেশত আহি ফেক্টৰীৰ পৰা চোৰে চুৰ কৰি নিলে চাইকেল ৷ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV ত ৷ এই ঘটনা সংঘটিত হ’ল তিতাবৰ বোকাহোলা চাহ বাগিচাত ৷ ঘটনা অনুসৰি বিগত কিছুদিন ধৰি বোকাহোলা চাহ ফেক্টৰীত কাম কৰিবলৈ অহা শ্ৰমিকৰ প্ৰায়ে হেৰাইছিল এখনৰ পিচত আন এখন চাইকেল । 

এই ঘটনাৰ পাচতে শ্ৰমিকসকলৰ সন্দেহ ওপজাত ফেক্টৰীৰ CCTV ফুটেজ পৰীক্ষা কৰে ৷ কেমেৰাত ফেক্টৰীটোৰে বুতু গগৈ নামৰ এজনক কৰ্মচাৰীৰে চাইকেল লৈ যোৱাৰ দৃশ্য ধৰা পৰে । তাৰ পিচতে শ্ৰমিকসকলে বুতুক কৰায়ত্ব কৰি বাগিচাৰ কাৰ্যালয়ত আৱদ্ধ কৰি ৰাখে । আটকাধীন বুতু গগৈক ৰাইজে সোধ-পোছা কৰাত শ্ৰমিকৰ চাইকেল চুৰি কৰি নিয়াৰ কথা স্বীকাৰ কৰে । ইয়াৰ পাচতে ৰাইজে তিতাবৰ আৰক্ষীক গতাই দিয়ে চাইকেল চোৰ বুতুক ।

লগতে পঢ়ক:Constituency Delimitation : নিৰ্বাচনী আয়োগে নহয়, চাৰিজন মানুহে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে; অখিল গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.