thumbnail

By

Published : Jan 12, 2023, 8:17 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhugali bihu preparation: টীয়কত টুইন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ

পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু(Bhugali Bihu) ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি(Bhugali bihu preparation in Assam) ৷ সমান্তৰালভাৱে প্ৰস্তুত কৰা হৈছি বিভিন্ন আকৃতিৰ ভেলাঘৰ ৷ টীয়কৰ চেনীজানৰ বাঘজান ঘৰফলীয়া গাঁৱৰ ৰাইজে বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে ৷ কাৰণ টুইন টাৱাৰৰ আৰ্হিত সজা হৈছে এই ভেলাঘৰ ৷ শুকুৰবাৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ পূৰ্ণ গতিত চলিছে কাম ৷ আনহাতে,গাঁৱৰ ডেকা-বুঢ়া,জীয়াৰী-বোৱাৰী সকলোৱে ভেলাঘৰৰ বাকৰিত একেলগে কামৰ মাজতে বিহু গীতৰ তালে-তালে নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰিৱেশ জীপাল কৰি তুলিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.