হোজাইত ভোগালী মেলা আৰম্ভ - হোজাইত ভোগালীৰ প্ৰস্তুতি
🎬 Watch Now: Feature Video
Published : Jan 12, 2024, 2:26 PM IST
হোজাই, ১২ জানুৱাৰী : আঘোণৰ সোণালী শইচ ভঁৰালত সোমোৱাৰ পাছতে ভোগালীক আদৰাৰ বাবে সাঁজু হৈছে ৰাজ্য়বাসী । হেঁপাহৰ ভোগালী বিহুক লৈ ব্যস্ততাৰ অন্ত নাই ৰাইজৰ । ভোগালীলৈ মাজত দুদিন থকাত গাঁৱে গাঁৱে নিৰ্মাণ হৈছে ভেলাঘৰৰ লগতে মেজি । ৰাজ্য়ৰ আন ঠাইৰ লগতে হোজাইত আৰম্ভ হৈছে মাঘ বিহু উপলক্ষে তিনিদিনীয়া ভোগালী মেলা ।
হোজাই জিলা ভিত্তিত লংকাৰ কাকীত আত্মসহায়ক গোট সমূহে আয়োজন কৰিছে ভোগালী মেলা । উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত পাটকাই মণ্ডলৰ উদ্যোগত কাকী ক্ৰীড়া সন্থাৰ খেলপথাৰত ভোগালী বিহুৰ উপলক্ষে তিনিদিনীয়াকৈ ভোগালী মেলা অনুষ্ঠিত হৈছে । আজি ভোগালী মেলাত অসমৰ বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ, নিজে প্ৰস্তুত কৰা কাপোৰ প্ৰদৰ্শনৰ লগতে সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰি বিভিন্ন সাংস্কৃতিক নৃত্য, গীত আদিৰ প্ৰদৰ্শন কৰাৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।
লগতে পঢ়ক:ভূ-লুণ্ঠিত মানৱতা: হাঁড় কপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিত