থলুৱা মাছেৰে ভৰি পৰিছে মৰিগাঁৱৰ বজাৰ - Fish market in Morigaon
🎬 Watch Now: Feature Video


Published : Jan 14, 2024, 5:56 PM IST
মৰিগাঁও,১৪ জানুৱাৰী: আজি হেঁপাহৰ উৰুকা । উৰুকাৰ পুৱাই ৰাজ্যৰ মাছ বজাৰসমূহত গ্ৰাহকৰ ব্যাপক ভিৰ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ নদ-নদী, বিল-খাল, জলাশয় আদিৰ পৰা মৰিগাঁও চহৰৰ দৈনিক মাছ বজাৰলৈ অনা হয় ৰৌ, বৰালি, চিতল বা খৰিয়া, ভকুৱা,আৰি, মালি, মিৰিকা, শ'ল, কাৱৈ, গৰৈ আদি বিভিন্ন থলুৱা প্ৰজাতিৰ মাছ । মাছৰ বজাৰত পুৱতি নিশাৰ পৰা ভিৰ কৰে গ্ৰাহকৰূপী বিহুবলীয়া ৰাইজে ।
মুঠৰ ওপৰত নিশা মাছে-মঙহে এসাঁজ খোৱাৰ পৰম্পৰাৰে মৰিগাঁওবাসী সাজু উৰুকা নিশা উদযাপন কৰিবলৈ । কেৱল মৰিগাঁও চহৰতে নহয় মৰিগাঁৱৰ ভিতৰুৱা বুঢ়া-বুঢ়ী, জাগীৰোড চৰাইবাহী, জালুগুটি, ভূৰবন্ধা, ভূৰাগাঁও, বৰালিমাৰি, লাহৰীঘাট আদি প্ৰান্তটো মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হয় । উল্লেখ্য যে এইবেলি মৰিগাঁৱৰ মাছৰ বজাৰত বৰালি অথবা আঁৰি তথা ৰৌ, ভকুৱা আদি বৃহৎ আকাৰৰ মাছ উপলদ্ধ হোৱাৰ বিপৰীতে ২০ কিলো ওজনৰ বিকেট মাছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
লগতে পঢ়ক: বিমল বড়াৰ সমষ্টিৰ চিতল মাছেৰে উৰুকাৰ ভোজ খাব বিধায়ক প্ৰশান্ত ফুকনে