Bhogali Bihu Preparation: ভোগালীক লৈ নলবাৰীৰ গণেশ ভোগ জলপান উদ্যোগৰ ব্যাপক প্ৰস্তুতি - নলবাৰীৰ গণেশ ভোগ জলপান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 12, 2023, 4:14 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ভোগালী বিহুক লৈ ভীষণ ব্যস্ততা বাঢ়িছে পিঠা-পনা বনোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ ৷ নলবাৰী জিলাৰ নিজ পকোৱাৰ তাঁতিপাৰা চুবুৰীত ১০ বছৰ পূৰ্বে গঢ় লৈ উঠা গণেশ ভোগ জলপানে ভোগালী বিহুৰ সময়ত লাভ কৰে যথেষ্ট সমাদৰ(Bhogali Bihu Preparation in Nalbari) ৷ শেৱালি সাউদৰ প্ৰচেষ্টাত গঢ় লৈ উঠা গণেশ ভোগ জলপানে(Ganesh Bhog Jalpan, Nalbari) প্ৰস্তুত কৰা সামগ্ৰী পিঠা, লাৰু আদি ইতিমধ্যে নলবাৰী, হাজো, ৰঙিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰাৰ লগতে ইয়াত উৎপাদিত সামগ্ৰী দিল্লীলৈও বিক্ৰীৰ বাবে লৈ যোৱা হয় ৷ এইবেলি ৭ লাখতকৈ অধিক টকাৰ পিঠা পনা, লাৰু বিক্ৰী কৰিবলৈ সক্ষম হয় উদ্যোগটোৱে । আনহাতে অঞ্চলটোৰ ২০ গৰাকীকৈ যুৱক-যুৱতীক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে নলবাৰীৰ এইটো ক্ষুদ্ৰ উদ্যোগ গণেশ ভোগ জলপানে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.