পুৰণি বলাইত কাৰেংঘৰৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিলে ভেলাঘৰ - ভোগালী বিহু ২০২৩
🎬 Watch Now: Feature Video


Published : Jan 5, 2024, 6:34 PM IST
|Updated : Jan 7, 2024, 2:28 PM IST
মৰাণ, ৫ জানুৱাৰী : অসমীয়াৰ অতি আদৰৰ ভোগালী বিহু সমাগত । ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া চলিছে মাঘ বিহুক আদৰাৰ প্ৰস্তুতি । পিছপৰি ৰোৱা নাই ডিব্রুগড় জিলাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজ । ডিব্রুগড়ৰ বিভিন্ন প্ৰান্তৰত চলিছে বিহুৰ ব্যাপক আয়োজন । জিলাখনৰ পুৰণি বলাইৰ বাঁহনি চুবুৰীত কাৰেংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ । খেৰ, নৰা আৰু বাঁহেৰে ৰাইজে নিৰ্মাণ কৰিছে কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ ।
এই কাৰেংঘৰৰ আৰ্হিত নিৰ্মাণ হোৱা ভেলাঘৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ডিব্রুগড়ত। অঞ্চলটোৰ যুৱক সকলে নিৰ্মাণ কৰি উলিয়াইছে এই কাৰেংঘৰৰ আৰ্হিৰ ভেলাঘৰটো। বৃহত্তৰ পুৰণি বলাইবাসীৰ ৰাইজৰ উদ্যোগত আয়োজন কৰা এই ভোগালী বিহুৰ বাবে গাঁৱৰ ডেকা-বুঢ়া, জীয়াৰী-বোৱাৰী আৰু কণ-কণ ল'ৰা-ছোৱালীৰ লগতে আই সকল একেলগে ওলাই আহি লাগি গৈছে হাতে -কামে । বিহুৰ উৰুকাৰ দিনা একেলগে এসাঁজ খাই পিছদিনা কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব স্থানীয় ৰাইজে ।