বাক্সাৰ বজাৰতো ভোগালী উৰুকাৰ ভৰপক - বাক্সাৰ বৰমা বজাৰ
🎬 Watch Now: Feature Video


Published : Jan 14, 2024, 10:22 PM IST
বাক্সা, 14 জানুৱাৰী : আজি উৰুকা । পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ । মাছ, মাংসৰ লগতে পাচলিৰ বজাৰতো গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উৰুকাৰ দিনটোত বাক্সা জিলাৰ সৰ্ববৃহৎ বৰমা বজাৰতো গ্ৰাহকৰ ভিৰ হোৱা দেখা গ’ল ৷
কেনোৱে যদি মাছ ক্ৰয় কৰিছে আন কোনোৱে আকৌ মাংস ক্ৰয় কৰিছে ৷ নিশাৰ ভাগলৈ যাতে পৰিয়াল, বন্ধু বৰ্গৰ সৈতে এসাঁজ তৃপ্তিৰে খাব পাৰে সেই উদ্দেশ্যে মাছ বা মাংস ক্ৰয় কৰিবলৈ বজাৰত ৰাইজ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ কম দামত পোৱাৰ বাবে বজাৰখনৰ পৰা দৈ, চিৰা, গুৰ ক্ৰয় কৰিবলৈ হেতা-ওপৰা লাগালে ৰাইজে ৷ ইফালে বজাৰখনত বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ দূৰ-দূৰণিৰ পৰা ৰাইজ আহিছে বুলিও উল্লেখ কৰে বজাৰ পৰিচালনা কমিতিয়ে ৷
লগতে পঢ়ক : আৰক্ষীৰ বাহনৰেই নাই প্ৰয়োজনীয় নথি-পত্ৰ