Amrit Kalash Yatra: ৰঙিয়াত অব্যাহত অমৃত কলহ যাত্ৰা - Meri Mitti Meri Desh
🎬 Watch Now: Feature Video
Published : Sep 30, 2023, 8:22 PM IST
ৰঙিয়া,৩০ ছেপ্টেম্বৰ: ৰঙিয়াত অব্যাহত আছে অমৃত কলহ যাত্ৰা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত শনিবাৰেও হাতত অমৃত কলহ লৈ ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰিলে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । শনিবাৰৰ এই অনুষ্ঠান চেপ্তী নকুল গাঁও পঞ্চায়তত অনুষ্ঠিত হয় । এই উপলক্ষে চেপ্তী নকুল গাওঁ পঞ্চায়তৰ সভাগৃহৰ পৰা ভবেশ কলিতাৰ নেতৃত্বত উলিওৱা সমদলত প্ৰায় তিনিশ মহিলাই অংশগ্ৰহণ কৰে । সমদলটোৱে অঞ্চলটোৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰে আৰু বহুকেইঘৰ লোকৰ ঘৰৰ পৰা মাটি সংগ্ৰহ কৰে ।
অনুষ্ঠানটোত বিজেপি দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে । সমদলৰ পূৰ্বে উপস্থিত মহিলাসকলৰ আগত ভাষণ প্ৰদান কৰি ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই আটইকে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে দিল্লীত নিৰ্মাণ হ'ব লগীয়া অমৃত বাটিকাত অসমৰো মাটিৰ জৰিয়তে এটা অংশ থাকিব । বৰ্তমান পঞ্চায়ত পৰ্যায়ত মাটি সংগ্ৰহ কৰি থকা হৈছে যদিও ৮ অক্টোবৰৰ পৰা সমগ্ৰ দেশতেই ব্লক পৰ্যায়ত মাটি সংগ্ৰহ কৰা হ'ব আৰু তাৰ পিছত মাটিসমূহ দিল্লীলৈ প্ৰেৰণ কৰা হ'ব ।
লগতে পঢ়ক: Amrit Kalash Yatra: হোজাইত অমৃত কলহ যাত্ৰা ৰূপায়ণ