Bharat Jodo Yatra anniversary : নলবাৰীত জিলা কংগ্ৰেছৰ সমদল
🎬 Watch Now: Feature Video
নলবাৰী, 7 ছেপ্টেম্বৰ : আজিৰ দিনটোত এবছৰত ভৰি দিলেহি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে নলবাৰীতো জিলা কংগ্ৰেছে পালন কৰে ভাৰত জোড়ো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূতি ।
নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি জিলাখনৰ ৰাজীৱ ভৱনৰ পৰা পদযাত্ৰাৰে জিলা কংগ্ৰেছৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে "ৰাহুল গান্ধী জিন্দাবাদ", "জুড়েগা ভাৰত, জিতেগা ভাৰত" আদি ভিন্ন শ্লোগানেৰে সমগ্ৰ নলবাৰী নগৰখন পৰিভ্ৰমণ কৰে । এই পদযাত্ৰাৰ পূৰ্বে জিলা কংগ্ৰেছ নেতৃত্বই এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। সমদলটোৱে বাটা চ'ক হৈ পি এন চি পথেৰে পুনৰ ৰাজীৱ ভৱনত এই কাৰ্যসূচীৰ সামৰণি পেলায় ।
উল্লেখ্য যে, ২০২২ চনৰ 7 ছেপ্টেম্বৰৰ দিনটোতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কন্যকুমাৰীৰ পৰা ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভ কৰিছিল ৷ কাশ্মীৰৰ পৰা কন্যকুমাৰীলৈকৈ সমগ্ৰ ভাৰতবৰ্ষত ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভণি কৰিছিল ।
লগতে পঢক: 37 No NH Blocked: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাগৰিল গছ, স্তব্ধ যাতায়ত ব্যৱস্থা