Unlawful activity in Karimganj: কৰিমগঞ্জৰ শনি মন্দিৰৰ সমীপত গো-মাংস উদ্ধাৰ - Unlawful activity in Karimganj
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, ৩০ জুলাই: কৰিমগঞ্জত জঘন্য ঘটনা । কৰিমগঞ্জ চহৰৰ বনমালি পথৰ শনি মন্দিৰৰ সমীপত দেওবাৰে কোনো অজ্ঞাত লোকে পেলালে গো-মাংস ৷ এই ঘটনাটো পোহৰলৈ অহাৰ পাচতে মন্দিৰ চৌহদৰ সমীপত বহুতো লোক উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী আহি ঘটনাৰ তদন্ত আৰম্ভ কৰে ।
পিচত আৰক্ষীয়ে এইবোৰ উদ্ধাৰ কৰি তদন্তৰ বাবে লৈ যায় । হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টিৰ বাবেই কোনো লোকে এনে ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰা বুলি ৰাইজে মন্তব্য় কৰিছে । অৱশ্য়ে এই লৈ বৰ্তমালৈকে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই । স্থানীয় লোকসকলে দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰো দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়ক:Assam Police encounter: আৰক্ষীৰ এনকাউণ্টাৰত আহত সন্দেহযুক্ত আলফা(স্বাঃ)ৰ সদস্য