Baresahariya Bhaona: বাৰেচহৰীয়া ভাওনাৰ শীৰ্ষগীত মুকলি - বাৰেচহৰীয়া ভাওনাৰ জোৰদাৰ প্ৰস্তুতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2023, 9:55 PM IST

চতিয়া,২৬ ফেব্ৰুৱাৰী: দেশৰ অন্যতম একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাওনাৰ জোৰদাৰ প্ৰস্তুতি চলিছে জামুগুৰিহাটত (Baresahariya Bhaona at Jamugurihat)৷ বাৰেচহৰীয়া ভাওনাৰ প্ৰস্তুতিক লৈ শিশুৰ পৰা বৃদ্ধলৈ তত নাই জামুগুৰিয়া ৰাইজৰ (Preparation for Baresahariya Bhaona) ৷ পদ্ম পুষ্প সদৃস খলা নিৰ্মাণৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে গঞা ৰাইজ । কোনোৱে ঘৰ চোৱাত ব্যস্ত, আন কোনোৱে আকৌ তমাল তুলোৱাত, কোনোবাই যদি বাঁহ কটাত ব্যস্ত আন কোনো আকৌ অন্য কামত ৷ যিকোনো উপায়েৰে অনুষ্ঠানভাগ সফলভাৱে উদযাপন কৰিবলৈ  নিজ নিজ কামত ব্যস্ত সকলো লোক ৷  

দেওবাৰে পকামুৰা পঠাৰৰ নিৰ্মাণৰত ১নং খলাত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বাৰেচহৰীয়া ভাওনাৰ স্থায়ী এটি শীৰ্ষগীতটো মুকলি কৰে ৷ এই গীতটোট কণ্ঠদান কৰিছে সংগীতশিল্পী বিদ্যাসাগৰ আৰু তৰালী শৰ্মাই ৷ জামুগুৰিহাটৰ সমাজকৰ্মী তথা শিক্ষক বিকাশ বৰাই লিখি উলিয়াইছে আমাৰ জামুগুৰিহাট শীৰ্ষৰ এই গীতটি (Baresahariya Bhaona theme song released) ৷

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বাৰেচহৰীয়া ভাওনা উদযাপন কমিটিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika in Baresahariya Bhaona)৷ সম্পাদক জয়ন্ত বৰাই আঁতধৰা অনুষ্ঠানটিত ৰাইজে হাত চাপৰিৰে গীতটি আদৰি লয়। উল্লেখ্য যে এইবাৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীত জনপ্ৰিয় সংগীতশিল্পী অংগৰাগ মহন্ত উপস্থিত থাকিব ৷

উল্লেখ্য যে প্ৰতি পাঁচ বছৰৰ অন্তৰালত অনুষ্ঠিত কৰা হয় এই বাৰেচহৰীয়া ভাওনা ৷ অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই ভাওনাৰ কাৰ্যসূচী ৷ 

জাতি,ধৰ্ম, বৰ্ণৰ ভেদাভেদ নাৰাখি শোণিতপুৰৰ জামুগুৰিহাটত সাৰ্বজনীনভাৱে অনুষ্ঠিত হৈ আহিছে বাৰেচহৰীয়া ভাওনা সমাৰোহ (Baresahariya Bhaona) ৷ এক বিশেষত্ব আছে এই বাৰেচহৰীয়া ভাওনা সমাৰোহৰ । প্ৰতি পাঁচ বছৰৰ অন্তৰালত অনুষ্ঠিত কৰা হয় এই ভাওনা সমাৰোহ ৷ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব ৷  

লগতে পঢ়ক: Baresahariya Bhaona in Jamugurihat: বাৰেচহৰীয়া ভাওনা সমাৰোহৰ ধ্বজা স্থাপন অনুষ্ঠান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.