Bajali extortion case: বজালীকাণ্ড; এতিয়াও সন্ধান নাই ৰবিউল ইছলামৰ পৰা দাবী কৰি লোৱা এটা মেকবুক আৰু দুটা আইফোন - Bajali extortion case update

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 6:50 PM IST

বজালী, 21 ছেপ্টেম্বৰ: বজালী আৰক্ষীৰ ধনদাবী গোচৰক লৈ এতিয়াও চলি আছে তদন্ত ৷ বৃহস্পতিবাৰে বজালীৰ পাঠশালাত পুনৰ CIDৰ এটা দল উপস্থিত হৈ অভিযান চলায় ৷ যোৱা ৯ আগষ্টত দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিছিল ৰবিউল ইছলামে । তথ্যসহ অভিযোগ দিছিল ৰবিউল ইছলামে । দুৰ্নীতি নিবাৰক শাখাই পতা জালত নপৰাৰ বাবে গোচৰটো লয় CID য়ে । 

৩১ আগষ্টত ১১ টা ধাৰা সন্নিবিষ্ট কৰি CIDয়ে 14/23 নম্বৰত গোচৰ ৰুজু কৰে । এই গোচৰত এতিয়ালৈকে বজালী জিলাৰ SP, ASP, DSP, IC, গাড়ীচালক, হোমগাৰ্ড, দালালসহ মুঠ এঘাৰজনক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰথমে ড্ৰাগছ বিচাৰি ১৫-১৬ জুলাইত আৰক্ষীয়ে অভিযান চলাইছিল ৰবিউলৰ ঘৰত ৷ কিন্তু ড্ৰাগছ নাপাই ঘৰৰ পৰা উঠাই লৈ আহিছিল ৰবিউলক । 

ৰবিউলক ভৱানীপুৰ আৰক্ষী চকীত ৰখা হয় । ৰবিউলৰ ভনীয়েক পৰা নগদ ১০ লাখ টকা আৰু ২৩ খন চেক লৈ আহিছিল আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত ২১ খন উকা চেক থকাৰ লগতে ২ খন চেকৰ এখনত ডেৰ কোটি টকা আৰু আনখনত ২ কোটি ১০ লাখ টকা আছিল ।

ৰবিউলৰ মাতৃৰ স্বাক্ষৰ থকা SBI আৰু HDFC বেংকৰ চেক লৈছিল ধৃত ১০ জনে । ইতিমধ্যে CIDয়ে জব্দ কৰিছে ২৩ খনকৈ চেক । দহ লাখ নগদ ধন আৰু ২৩ খন বেংকৰ চেক, ১৭ টা মোবাইল ফোন, দুটাকৈ আইফোন, এটা লেনোভো লেপটপ, দুটা মেকবুক লৈ ১৭ জুলাইত বজালী আৰক্ষীয়ে এৰি দিছিল ৰবিউলক ।

উল্লেখ্য যে, CID এ এতিয়াও সন্ধান পোৱা নাই চুপাৰি মাফিয়া ৰবিউল ইছলামৰ পৰা দাবী কৰি লোৱা এটা মেকবুক আৰু দুটা আইফোনৰ ৷

লগতে পঢ়ক: Bajali extortion case: বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইৰ পৰা উদ্ধাৰ ৬৪ লক্ষাধিক টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.