Baithow puja celebration: জোনাইত মহকুমা ভিত্তিত খ্ৰীং খ্ৰীং বাইথ' পূজা পালন - Bathow puja of assam
🎬 Watch Now: Feature Video
জোনাই, ২৭ ফেব্ৰুৱাৰী : আগম দঃলুঙত খ্ৰীং খ্ৰীং বাইথ' পূজা পালন ৷ অসমৰ অন্যান্য প্ৰান্তৰ লগতে আগম দঃলুঙস্থিত জোনাই আঞ্চলিক সোণোৱাল কছাৰী বাইথ’ সমিতিৰ উদ্যোগত সোণোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰত 27 ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা সোণোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ' পূজা পালন কৰা হয় (Bathow puja celebration) । পুৱা ৮ বজাত অস্থায়ীভাৱে সাজি উলিওৱা বাইথ' শালত মূল পূজাৰী গোবিন চেলেং আৰু সহযোগী জয়ন্ত সোণোৱালে মাংগলিক কাৰ্যসূচীৰে বাইথ' পূজা আৰম্ভ কৰে ।
ইয়াৰ পাচতে বাইথ' ভক্তসকলে খ্ৰীং খ্ৰীং বাইথ' দেৱতাৰ আশীষ বিচাৰি সেৱা গ্ৰহণ কৰে । জোনাই বাইথ' পূজা উদযাপন সমিতিৰ সম্পাদক ত্ৰৈলোক্য সোণোৱাল, উপ-সভাপতি কৃষ্ণ সোণোৱাল, সদস্যা ৰিনা সোণোৱাল, বয়োজ্যেষ্ঠ বুদ্ধিন সোণোৱাল, হৰেণ সোণোৱাল, নৱ সোণোৱাল, জোনাই খ্ৰীং খ্ৰীং বাইথ' পূজা উদযাপন সমিতিৰ সভাপতি মোলাই সোণোৱাল উপস্থিত থাকে (which community celebrates Bathow puja) ৷
উল্লেখযোগ্য যে, খ্ৰীং ৰজাই হ'ল ইষ্ট দেৱতা । বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিমুঠি জীৱ উৰণ, বুৰণ, গজন, ভ্ৰমণৰ জীৱন, স্ৰজন-পালন আৰু সংহাৰ কৰোতাজনেই হ'ল খ্ৰীং । বাইথ'বাদত পুৰুষ আৰু প্ৰকৃতিক সমানে স্থান দিয়া হয় (Bathow puja celebration) । সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় আদৰ্শ বা দৰ্শন বহুত মহান, য'ত ব্যক্তিগত স্বাৰ্থৰ বাবে পূজা পাঠ নকৰি সমষ্ট জীৱজগতৰ বা সামগ্ৰিকভাৱে চাৰিমুঠি জীৱৰ মংগলৰ বাবে দেৱতাক তেওঁলোকে প্ৰাৰ্থনা কৰে ৷
সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় তত্বত খ্ৰীং বা বাইথ'ৰ স্বৰূপ হৈছে তেওঁ একক শক্তিৰূপে খিৰিং বা বাইথ' অৰ্থাৎ ঈশ্বৰ (Bathow puja celebration in Assam) । সৃষ্টিৰ গৰাকীৰূপে তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত শক্তি । তেওঁৱেই ত্ৰি শক্তি অৰ্থাৎ জগতৰ সৃষ্টিকৰ্তা, পালনকতা আৰু সংহাৰকৰোঁতা । তেওঁ চাৰিবিধ জীৱৰ ত্ৰাণকৰ্তা । সেই চাৰিবিধ জীৱ হৈছে- গজন- উদ্ভিদ, বুৰণ-জলচৰ জীৱ, ভ্ৰমণ-স্থলচৰ জীৱ আৰু উৰণ-উৰণীয়া জীৱ ।
সমস্ত জীৱকূল এই চাৰিবিধ জীৱৰ অন্তৰ্ভুক্ত আৰু বাইথ'ক সমস্ত জীৱকুলৰ গৰাকী স্বৰূপ ব্যাখ্যা দিয়া হৈছে । তেওঁৱেই পঞ্চভূতৰ গৰাকী । বায়ু, পানী, অগ্নি, স্থল, আকাশ এই পঞ্চভূতৰ উদ্দেশ্যৰে যি পূজা কৰা হয় তাকেই বাইথ' পূজা বুলি জনা যায় । বাইথ' নিৰাকাৰ, নিৰ্বিকাৰ, অক্ষয়, চিৰ চৈতন্যময় শক্তি যাক আমি ভগৱান বা ঈশ্বৰ বুলি গণ্য কৰি পূজা আগবঢ়াও ৷
লগতে পঢ়ক : Public attack forest officer : বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ স্থানীয় ৰাইজৰ