Baihata road accident : 31 নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Jun 12, 2023, 8:14 PM IST

thumbnail

কামৰূপ,12 জুন : কামৰূপৰ কেন্দুকোনাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কেন্দুকোনাৰ 31 নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনা থিতাতে নিহত হৈছে দুজনকৈ লোক । জানিব পৰা মতে ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিত থকা লাইটৰ খুটাত ৷ বাহনখনত চালক সহ এজন পুৰুষ আৰু এগৰাকী মহিলা আছিল ৷ দুৰ্ঘটনাস্থলীতে নিহত হয় পুৰুষ আৰু মহিলা গৰাকী ৷ আহত হৈছে বাহনখনৰ চালক জন ৷  দুৰ্ঘটনাগ্ৰস্থ বাহন খনৰ নম্বৰ হৈছে OD-02-B-7631 ৷ ইফালে আহত চালক জনক স্থানীয় ৰাইজে ততাতয়াকৈ কমলপুৰ মহাত্মা গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত ব্যাক্তি কেইগৰাকীৰ পৰিচয় বৰ্তমানলৈকে লাভ কৰা নাই ৷  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.