Awarness Meeting Against Drugs : ড্ৰাগছৰ সৈতে জড়িত ব্যক্তিক সমাজৰ পৰা বহিস্কাৰৰ সিদ্ধান্ত ৰূপহীহাটৰ মুছলমান সমাজৰ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:34 PM IST

thumbnail

নগাঁও, 23 ছেপ্টেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ নগাঁৱৰ ৰূপহীহাটৰ ইছলাম ধৰ্মাৱলম্বী সমাজ ৷ ড্ৰাগছৰ সৈতে জড়িত ব্যক্তিক সমাজৰ পৰা বহিস্কাৰৰ সিদ্ধান্ত ৰূপহীহাটৰ মুছলমান সমাজৰ ৷ ড্ৰাগছৰ সৈতে জড়িত ব্যক্তিৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত সজাগতা সভাত ৷

সমাজৰ ব্যাধি স্বৰূপ ড্ৰাগছ আৰু বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁৱৰ ৰূপহীহাটৰ ইছলাম ধৰ্মাৱলম্বী সমাজ ৷ ড্ৰাগছ আৰু বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন কৰি গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত ৷ শনিবাৰে নগাঁৱৰ ৰূপহীহাটৰ কোচগাঁও জামে মছজিদ প্ৰাংগনত আয়োজন কৰে ড্ৰাগছ আৰু বাল্য বিবাহ বিৰোধী সজাগতা সভাৰ ৷ সভাত উপস্থিত থাকে ছাইদৰিয়া মৌজাৰ ইছলাম ধৰ্মাৱলম্বী সমাজৰ লগতে স্থানীয় আৰক্ষী ৷ ড্ৰাগছ সেৱন আৰু ড্ৰাগছ বিক্ৰীৰ সৈতে জড়িত ব্যক্তিক সমাজৰ পৰা বহিস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাইদৰিয়া ইছলাম ধৰ্মাৱলম্বী সমাজে ৷

কেৱল সমাজৰ পৰা বহিস্কাৰ কৰাই নহয়, ড্ৰাগছৰ সৈতে জড়িত কোনো ব্যক্তিৰ মৃত্যুৰ পিছত জানাজা সম্পন্ন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে সজাগতা সভাত ৷ লগতে ৰাজহুৱা কবৰস্থানত ড্ৰাগছ আসক্ত অথৱা ড্ৰাগছ বিক্ৰী কৰা লোকক কবৰস্থ নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে সমাজে ৷

শনিবাৰে আয়োজন কৰা সভাৰ পৰাই ড্ৰাগছৰ সৈতে জড়িত লোকক ড্ৰাগছ বিক্ৰী অথৱা সেৱনৰ পৰা বিৰত থাকিবলৈও সমাজখনে সকীয়াই দিয়ে ৷ উল্লেখযোগ্য যে, ড্ৰাগছৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি নগাঁও আৰক্ষীও যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷ আনকি ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ 

লগতে পঢ়ক : Assam Investment MoU: ছটা প্ৰতিষ্ঠানৰে ৩,১১৪ কোটি টকা বিনিয়োগৰ চুক্তিত স্বাক্ষৰ অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.