স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিনামূলীয়া পৰামৰ্শ শিবিৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 7:58 PM IST

thumbnail

গোলাঘাট, 18 নৱেম্বৰ : চাহ বাগিচাৰ মহিলাসকলৰ মাজত ঋতুস্ৰাৱৰ সময়ত ল’বলগা সাৱধানতা আৰু ইয়াৰ দ্বাৰা হ’ব পৰা বিভিন্ন ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বৰজান চাহ বাগিচাত বিশেষ পদক্ষেপ হিচাপে সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় । টাটা ট্ৰাষ্টৰ সহযোগত Microfinance and Livelihood (CML) ৰ উদ্যোগত "জোলদাৰী" আঁচনিৰ অধীনত চাহ বাগিচাখনৰ শ্ৰমিক মহিলাসকলৰ জ্ঞাতাৰ্থে ঋতুস্ৰাৱৰ সময়ত ল’বলগা সাৱধানতাসমূহৰ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হয় ৷ লগতে বিনামূলীয়া চিকিৎসা সেৱাও প্ৰদান কৰা হয় তেওঁলোকক ।

উক্ত বিনামূলীয়া স্ত্ৰীৰোগ শিবিৰৰ পৰামৰ্শদাতা হিচাপে উপস্থিত থাকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ স্ত্ৰী ৰোগৰ চিকিৎসক ডাঃ নেহা বেৰিয়া । বৰজান চাহ বাগিচাৰ চিকিৎসালয়ত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বাগিচাখনৰ পৰিচালক অনিলদ্ৰ চেটাৰ্জীয়ে । লগতে উপস্থিত থাকে বৰজান চাহ বাগিচা চিকিৎসালয়ৰ চিকিৎসক ডাঃ অনন্ত বৰুৱা, ফাৰ্মাচিষ্ট ৰুহিত গনৰ লগতে টাটা ট্ৰাষ্টৰ বিষয়া কৰ্মচাৰীসকল । এই স্বাস্থ্য শিবিৰৰ দ্বাৰা মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত বিস্তাৰিত বৰ্ণনা আগবঢ়ায় ডাঃ নেহা বেৰিয়াই ।

লগতে পঢ়ক : Changsari AIIMS:এইমছৰ প্ৰাংগণত কৰ্কট ৰোগৰ ক্ষেত্ৰত সজাগতা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.