বিধায়ক পদ্ম হাজৰিকাৰ সহযোগত চোৰবিৰোধী ৰেলী, আৰক্ষী-প্ৰশাসনকো সজাগ হোৱাৰ দাবী - জামুগুৰিহাট

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 9:37 PM IST

চতিয়া, ৬ জানুৱাৰী : জামুগুৰিহাটৰ লগতে নদুৱাৰৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা গৰু-ছাগলী চুৰি,অবৈধ সুৰা-জুৱা আদি অসামাজিক কাম-কাজ আৰু উদণ্ড বাইক চালকৰ বিৰুদ্ধে আজি নদুৱাৰ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷

জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে ৷ অসামাজিক এই কাম-কাজসমূহৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

বিধায়ক হাজৰিকাই কয়, ‘‘সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ লগতে কাষৰীয়া অঞ্চলসমূহত সংঘটিত অসামাজিক কাম-কাজবোৰ আমি এক হৈ আঁতৰ কৰি উঠি অহা প্ৰজন্মক সঠিক বাট দেখুৱাব লাগিব ৷’’ এইক্ষেত্ৰত প্ৰশাসনো অধিক কঠোৰ হোৱাৰ মতপোষন কৰে বিধায়কগৰাকীয়ে ৷

সভাৰ অন্তত অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা গৰু-ছাগলী চুৰি, ডকাইতি, অবৈধ সুৰা, জুৱা, উদণ্ড যুৱকৰ বাইক ষ্টান্ট আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী ৰেলী বাহিৰ কৰা হয় ৷ উক্ত ৰেলী জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কেবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰও শোণিতপুৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে নদুৱাৰ নাগৰিক মঞ্চই ৷

লগতে পঢ়ক: মূলসুঁতিৰ ভোটাৰৰ পৰা কেতিয়াবাই আঁতৰিলে কংগ্ৰেছ:পদ্ম হাজৰিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.