Attempted Murder: ডিব্ৰুগড়ৰ বকুল বাইপাছত পত্নীক গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা লম্পট স্বামীৰ

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 8:25 PM IST

thumbnail

ডিব্ৰুগড়, 17 ছেপ্টেম্বৰ : এটাৰ পাছত আন এটা অমানুষিক কাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড় ৷ কেইটামান দিনৰ পূৰ্বে এগৰাকী যুৱতীৰ হত্যাকাণ্ডৰ ঘটনাই ৰাজ্য জোকাৰি যোৱাৰ পাছতে ডিব্ৰুগড়ত পুনৰ আন এগৰাকী মহিলাক হত্যাৰ চেষ্টা চলালে স্বামীয়ে ৷ ডিব্ৰুগড়ৰ বকুল বাইপাছৰ উৰণীয়া সেঁতুত গাড়ীৰে খুন্দিয়াই পত্নীক খুন্দিয়াই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে ৷

জানিব পৰা মতে, ডিকমৰ কৃষ্ণকান্ত নাথ নামৰ ব্যক্তিজনে দেওবাৰে বিয়লি পত্নীক লগত লৈ এ এছ ০৬ এ ডি ৩১০৬ নম্বৰৰ টাটা টিয়াগো বাহনখনেৰে গৈ আছিল গুৱাহাটী অভিমুখে ৷ সেই সময়তে পত্নীক গাড়ীৰ পৰা জানি-বুজি পেলাই দিয়াৰ লগতে খুন্দিয়াই হত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পত্নীয়ে ৷ এই ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ সন্মুখত স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পত্নীয়ে ৷

ইফালে মহিলাগৰাকী স্থানীয় পথচাৰীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে ৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত স্বামী কৃষ্ণকান্ত নাথক আটক কৰিছে ৷ গুৰুতৰভাৱে আহত মহিলা গৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁৰ স্বামী অৰ্থাৎ কৃষ্ণকান্ত নাথৰ অন্য যুৱতীৰ সৈতে সম্পৰ্ক আছে ৷ সেই কথাক লৈ সঘনাই কাজিয়া হৈছিল তেওঁলোকৰ মাজত ৷ সেয়েহে তেওঁক স্বামীয়ে এইদৰে হত্যাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে পত্নীয়ে ৷ 

লগতে পঢ়ক : Anti Drugs mission in Assam: ডিব্ৰুগড়ৰ নিজ মানকটাত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.