thumbnail

Attempt to abduct:বাক্সাৰ বড়োবজাৰৰ ৰাবাংগুৰিত এজন লোকক অপহৰণৰ চেষ্টা

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:14 PM IST

বাক্সা, ৬ ছেপ্টেম্বৰ : বাক্সাৰ বড়োবজাৰৰ ৰাবাংগুৰিৰ জয়চৰণ গয়াৰী নামৰ এগৰাকী জ্যেষ্ঠ লোকক ঘৰত কোনো নথকাৰ সুযোগ লৈ অপহৰণৰ চেষ্টা চলাই অচিনাকী দুৰ্বৃত্তৰ দলে । ঘৰত কোনো নথকা দেখি চাৰিচকীয়া বাহন লৈ অহা দুজন যুৱকে গাড়ীৰ পৰা নামি আহি জয়চৰণ গয়াৰীক কিবা কাম আছে বুলি কৈ গাড়ীত উঠিবলৈ কয় ৷ প্ৰথমাৱস্থাত তেওঁ তলকিব নোৱাৰি গাড়ীত উঠিবলৈ বুলি গৈছিলেই, কিন্তু কিবা এটা ভাবি তেওঁ পিছ হুহুকি আহে ৷ তাৰ পিচতে স্থানীয় লোকে চাৰিচকীয়া বাহনসহ লোক দুজনক ধৰি ৰাখিবলৈ চেষ্টা চলাইছিল যদিও পলাই যাবলৈ সক্ষম হয় তেওঁলোক ৷

চাৰিচকীয়া বাহনেৰে লোক দুজনে তীব্র গতিত পলাই যোৱাৰ দৃশ্য বন্দী হৈছে এখন দোকানৰ চিচি টিভিৰ কেমেৰাত । বৰ্তমান দুই দুৰ্বৃত্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে বাক্সাৰ শালবাৰী আৰক্ষীয়ে । ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক : Poor development at Mushalpur: অমৃত কালতো উন্নয়নৰ মুখ দেখা নাই মুছলপুৰৰ বহু ৰাইজে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.