Marathon race to establish unity and integrity: ঐক্য আৰু সততা প্ৰতিষ্ঠাৰ বাবে আৰম্ভ মাৰাথন দৌৰ - দৌৰবিদ দ্বীপেন চাওৰাৰ মাৰাথন দৌৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-11-2023/640-480-19928791-thumbnail-16x9-eds.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 3, 2023, 9:00 AM IST
আমগুৰি, 3 নৱেম্বৰ : চেলেংহাটৰ পৰা ডুমডুমালৈ দৌৰবিদ দ্বীপেন চাওৰাৰ মাৰাথন দৌৰ আৰম্ভ ৷ ঐক্য আৰু সততা প্ৰতিষ্ঠাৰ বাবে 200 কিলোমিটাৰ অতিক্ৰম কৰিব বুলি দৌৰবিদজনে জানিব দিয়ে ৷ যোৰহাট জিলাৰ চেলেংহাট কলীয়াপানীৰ পৰা মাৰথান দৌৰ আৰম্ভ কৰে ক্ৰীড়াবিদ দ্বীপেন চাওৰাই ।
উল্লেখযোগ্য যে, চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত ঐক্য আৰু সততাৰ বাবে চাওৰাই আৰম্ভ কৰিছে এই দৌৰ । শুকুৰবাৰৰ পুৱা মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত চেলেংহাটৰ কলীয়াপানী তিনিআলিত চাহ জনজাতি ছাত্ৰ সন্থাৰ দীনেশ চাহুয়ে আঁতধৰা অনুষ্ঠানটোত চাহ জনজাতি ছাত্ৰ সন্থাৰ বিভিন্ন প্ৰতিনিধিৰ লগতে চাঁওৰাই প্ৰতিষ্ঠা কৰা চেলেংহাট মুৱাই থাই ক্লাৱৰ বিজয় বৰুৱাৰ লগতে শিক্ষাৰ্থী, চেলেংহাট টাইকোৱানণ্ডো ক্লাৱৰ তপন পাত্ৰকে ধৰি চেলেংহাট প্ৰেছ ক্লাৱ, বিষ্ণু-জ্যোতি সাংস্কৃতিক গোষ্ঠী আদিয়ে ক্ৰীড়াবিদজনক শুভেচ্ছা জনায় ।
ইয়াৰ পিচতে চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা সন্তোষ শিখে ফ্লেগ অফৰ জৰিয়তে দৌৰৰ শুভাৰম্ভ কৰে ।
লগতে পঢ়ক: Sex workers in Darang : দৰঙত যৌন কৰ্মীক খাদ্য যোগান ধৰাৰ নামত দুৰ্নীতিৰ অভিযোগ