Rang Ghar controversy : ৰংঘৰক বিকৃত নকৰিবলৈ সকীয়নি আটাছুৰ সভাপতি মিলন বুঢ়াগোঁহাইৰ - মন কী বাত অনুষ্ঠানত ৰংঘৰক দেখুৱাব
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 30 এপ্ৰিল : “অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন জয় কৰিবলৈ অসম চৰকাৰে আৰু অসমৰ বিজেপি দলটোৱে ঐতিহাসিক ৰংঘৰৰ ওপৰত হাত দিছে ৷” এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়গোঁহাইৰ (Rang Ghar controversy) ৷
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 100 সংখ্যক মন কী বাত অনুষ্ঠানত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক এক অন্য ৰূপত প্ৰদৰ্শন কৰিবলৈ লোৱা বুলি সৰৱ চৰ্চা চলাৰ সমান্তৰালভাৱে বিভিন্ন দল-সংগঠনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত তিনিচুকীয়াত শনিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (ATASU reacts on Rang Ghar controversy) ৷
তেওঁ কয়, “ৰংঘৰৰ ঐতিহ্য বিনষ্ট কৰি এটা ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে ৷ লগতে দলীয় পতাকা বিকৃত কৰিছে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত দেখুৱাবলৈ ৷ গতিকে এনে কাম কৰাৰ পৰা বিৰত থাকক ৷ ঐতিহাসিক ৰংঘৰক, ৰংঘৰ হিচাপে থাকিবলৈ দিয়ক’’ ৷
তেওঁ আৰু কয়, ‘‘যদিহে মন কী বাত অনুষ্ঠানত ৰংঘৰক দেখুৱাব বিচাৰিছে, তেন্তে প্ৰকৃত ৰংঘৰক দেখুৱাক, বিকৃত ৰূপৰত ৰংঘৰক কিন্তু দেখুৱাব নোৱাৰিব ৷ এই বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰক নহ’লে শিৱসাগৰত যিদিনা মন কী বাত অনুষ্ঠান হ’ব সেইদিনা তাতেই টাই আহোম ছাত্ৰ সন্থাই বাধাৰ সৃষ্টি কৰিব’’ ৷
লগতে পঢ়ক : Rang Ghar controversy: ৰংঘৰত আলোক সজ্জাৰে ধৰ্মীয় আৱৰণ দিব বিচাৰিছে বিজেপিয়ে; ৰাইজৰ দল