ATASU Protest in Gaurisagar:গৌৰীসাগৰত আটাছু(স্বতন্ত্ৰ)ৰ অৰ্ধ উলংগ প্ৰতিবাদ - Assam Delimitation
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-07-2023/640-480-18973226-thumbnail-16x9-amgu.jpg)
আমগুৰি,১১ জুলাই: নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত আছে দল সংগঠনৰ ৷ মঙলবাৰে গৌৰীসাগৰৰ জাঁজীত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে আটাছু(স্বতন্ত্ৰ)ৰ সদস্যই অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত আমগুৰি সমষ্টি কৰ্তন তথা শিৱসাগৰ সমষ্টিক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে আমগুৰি সমষ্টি বিলুপ্তিকৰণ বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, ৰণজিৎ দাস মুৰ্দাবাদ, তপন গগৈ মুৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে । ‘‘ আহোমৰ বিধায়কসকলে আহোম জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিলে তেওঁলোকে লাজ নাপায় নেকি’’ বুলি প্ৰশ্ন কৰে প্ৰতিবাকাৰীসকলে ৷ আটাছুৰ (স্বতন্ত্ৰ)ৰ শিৱসাগৰ জিলা সমিতিয়ে শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
লগতে পঢ়ক:Constituency delimitation 2023 : শিৱসাগৰত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ