চৰাইদেউ অধিবেশনত সোণাৰিত আটাছুৰ নতুন কেন্দ্ৰীয় সমিতি গঠন - সদৌ টাই আহোম ছাত্ৰ সন্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-01-2024/640-480-20482414-thumbnail-16x9-attasu.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 11, 2024, 1:58 PM IST
ডিব্ৰুগড়, 11 জানুৱাৰী : ইতিহাস বহনকাৰী সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে অনুষ্ঠিত প্ৰতিনিধি সভাৰ অন্তত নিশা ঘোষণা কৰা হ'ল বহু চৰ্চিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি ।
প্ৰতিনিধিৰ সভাৰ সিদ্ধান্ত অনুসৰি নতুন সভাপতি হিচাপে দায়িত্ব প্ৰদান বসন্ত গগৈক, কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, উপ সভাপতি মনোজ গগৈ, ৰিংকু বৰা, হৰেকৃষ্ণ কমল, উৎপল গগৈ আৰু ভাস্কৰ বৰগোহাঁই, যুটীয়া সম্পাদক দিগন্ত চাংমাই আৰু অচ্যুত বুঢ়াগোহাঁই, সহঃসম্পাদকৰ দায়িত্বত যুটীয়াভাবে শংশাক দিহিঙীয়া, ধ্ৰুবজ্যোতি শইকীয়া আৰু দেৱজিত দিহিঙীয়াকে ধৰি এখন পূৰ্ণাংগ সমিতি গঠন হয় ।
উল্লেখ্য যে, আটাছুৰ পূৰ্বৰ সভাপতি মিলন বৰগোহাঁইয়ে সংবিধান বিৰোধী কামত লিপ্ত হোৱাৰ পাচতেই সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷ তেওঁ ইতিমধ্যে পলাতক অৱস্থাত আছে । ইয়াৰ পাচতে সংগঠনটো পৰিচালনা কৰিবলৈ মৰাণত জৰুৰী কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল বসন্ত গগৈক । সকলো বিতৰ্কৰ অন্তত নতুনকৈ গঠন হোৱা এই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই সমাজ জীৱনক শক্তিশালীভাবে আগুৱাই নিব বুলি সকলোৱে আশা কৰিছে ।
লগতে পঢ়ক : সোণাৰিত আৰম্ভ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন