Demand of ST status: ছয় জনগোষ্ঠীৰ ৰাইজক আভুৱা ভাৰিছে বিজেপি চৰকাৰে; আটাছু - Demand of ST status

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 8, 2023, 6:16 PM IST

ডিব্ৰুগড়, 8 মে’: ‘‘মিছা কথাৰে বিজেপি নেতৃত্বাধীন চৰকাৰে ছয় জনগোষ্ঠীৰ ৰাইজক আভুৱা ভাৰিছে ৷ ছয় জনগোষ্ঠীৰ বিষয়ে আলোচনাৰ নামত কেৱল আলোচনাহে হৈছে ৷ আলোচনাৰ কোনো সদুত্তৰ এতিয়ালৈকে ওলোৱা নাই ৷’’ জনজাতিকৰণৰ দাবী সন্দৰ্ভত এই মন্তব্য আটাছু নেতাৰ (ATASU demands ST status) ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে মৰাণত টাই আহোম ছাত্ৰ সন্থা (আটাছু) মৰাণ মহকুমা সমিতিয়ে এক বৃহৎ বাইক ৰেলী বাহিৰ কৰে ৷ আটাছু মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই বাইক ৰেলীত আটাছু কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে ৰাজপথ (Demands ST status) ৷ 

আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈয়ে এই ৰেলীত অংশগ্ৰহণ কৰি জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে বুলি মন্তব্য কৰে ৷ ইফালে 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে সংগঠনটোৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও নেতাজনে হুংকাৰ দিয়ে (Bike Rally in Moran) ৷  

লগতে আটাছু নেতা গৰাকীয়ে কয় যে, অচ্ছে দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰে ৰাইজক আভুৱা ভাৰি এতিয়া মূল্যবৃদ্ধিৰে ৰামটাঙোন শোধাইছে (ATASU Protest in Moran) ৷ বিজেপি চৰকাৰৰ অচ্ছে দিনত এতিয়া পেট্ৰ’লে চেঞ্চুৰী কোবাইছে ৷ গতিকে সাধাৰণ ৰাইজ কোঙা হৈ পৰা এনেকুৱা অচ্ছে দিন নালাগে বুলিও কয় নেতাজনে ৷ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অতি শীঘ্ৰেই মূল্য নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক দাবী জনাই আটাছু নেতাজনে (ATASU Protest Against Price Hike in Moran) ৷

লগতে পঢ়ক: Srinkhal Chaliha issue : শৃংখল চলিহাৰ মুক্তিৰ দাবী বীৰ লাচিত সেনাৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.