thumbnail

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:24 PM IST

ETV Bharat / Videos

Assams Youth Dead in Hyderabad : হায়দৰাবাদত কৰুণ মৃত্যুক সাৱটিলে হোজাইৰ 19 বছৰীয়া যুৱকে; হত্যাৰ অভিযোগ

হোজাই, 27 অক্টোবৰ : বহিঃৰাজ্যত কৰুণ মৃত্যুক সাৱটিলে হোজাই জিলাৰ এজন 19 বছৰীয়া যুৱকে ৷ হোজাইৰ 1 নং কাকী গাঁৱৰ টুটু নাথ নামৰ লোকজনৰ জ্যেষ্ঠ পুত্ৰ অমৰজ্যোতি নাথে দ্ৰাৰিদ্ৰতাৰ হেতু পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে প্ৰায় 9 মাহ পূৰ্বে চিকিউৰিটি গাৰ্ড হিচাবে হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল ৷ কিন্ত 19 অক্টোবৰত নিজৰ কৰ্তব্য সম্পাদন কৰি নিজৰ কোঠাত থকা অৱস্থাতে পুৱতি নিশা ৰহস্যজনকভাৱে তেজেৰে ৰাঙলী অৱস্থাত উদ্ধাৰ কৰা হয় অমৰক ৷

পৰৱৰ্তী সময়ত যুৱকজনক চিকিৎসা প্ৰদান কৰা হয় যদিও বিশাখাপট্টনমৰ হাস্পতালত অমৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত 8 টা দিনৰ পাছত শুকুৰবাৰে অমৰৰ মৃতদেহ ঘৰ আহি পোৱাৰ পাছতে সৃষ্টি হয় এক শোকাকূল পৰিৱেশৰ ৷ অতি দৰিদ্ৰ পৰিয়ালটোৰ যুৱক তথা গাঁওবাসীৰ মৰমৰ অমৰক চাবলৈ ভিৰ কৰে বহুজনে ৷ লোকে-লোকাৰণ্য হৈ পৰে টুটু নাথৰ ঘৰৰ চোতাল ৷

অমৰৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷ হায়দৰাবাদত অমৰৰ সহকৰ্মী হিচাবে থকা কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ দ্বীপজ্যোতি শইকীয়া নামৰ যুৱকজনে হত্যা কৰা বুলি অভিযোগ কৰিছে পৰিয়ালে ৷ এই ঘটনাৰ পাছৰ পৰাই পলাতক অৱস্থাত আছে  দ্বীপজ্যোতি শইকীয়া ৷ এইক্ষেত্ৰত পৰিয়ালটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ৷

লগতে পঢ়ক : Patient needs financial help: জটিল মগজুৰ ৰোগত আক্ৰান্ত ৰহাৰ প্ৰতিভাৱান যুৱতী নীহাৰিকা; বিচাৰিছে ৰাইজৰ সহায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.